বিটিচি নিৰ্বাচনৰ পূৰ্বে পুনৰ নিৰ্বাচনী হিংসা – ননৈ চেৰফাংত বিজেপি কৰ্মীক আক্ৰমণ । BTC

বিটিচি নিৰ্বাচনৰ পূৰ্বে পুনৰ নিৰ্বাচনী হিংসা – ননৈ চেৰফাংত বিজেপি কৰ্মীক আক্ৰমণ । BTC

BTC । বিটিচি নিৰ্বাচনলৈ মাথো তিনিদিন বাকী থকা সময়তেই পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে বিটিআৰত। ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ টেংকিবস্তিত বৃহস্পতিবাৰে সংঘটিত হয় এই আক্ৰমণ।

ঘটনাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰু ৰোড শ্ব’-ত ব্যস্ত আছিল। সেই সময়তেই অভিযোগ উঠিছে যে, ইউপিপিএল কৰ্মীয়ে পৰিকল্পিতভাৱে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ চালিছিল।

অভিযোগ অনুসৰি প্ৰায় ২৫-৩০ জনীয়া উদণ্ড যুৱকৰ দলে হাতে-হাতে ৰ’ড, লাঠি আৰু শিলগুটি লৈ বিজেপি কৰ্মীৰ বাহনক লক্ষ্য কৰি আগবাঢ়ে। এই আক্ৰমণত বিজেপিৰ প্ৰাৰ্থী সঞ্জিৎ তাঁতীৰ হৈ প্ৰচাৰত যোৱা অৰ্জুন চেত্ৰীৰ AS 01 EB 3504 নম্বৰৰ আৰ্টিকা বাহনখন ভাঙি চুৰমাৰ কৰা হয়। বাহনৰ উপৰিও এগৰাকী মহিলাক আক্ৰমণৰ চেষ্টা কৰিছিল যুৱকৰ দলটোৱে।

এই ঘটনাৰ সম্পৰ্কত বিজেপি কৰ্মীয়ে নিশাই ডিমাকুছি আৰক্ষী থানাত ৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ডিমাকুছি আৰক্ষীৰ অন্তৰ্গত টেংকিবস্তিত সংঘটিত এই আক্ৰমণৰ ঘটনা প্ৰতি স্থানীয় পৰিৱেশ উত্তপ্ত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top