Nupur Bora । ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টিকাৰী ACS বিষয়া নূপুৰ বৰা সন্দৰ্ভত দিনক দিনে নতুন নতুন তথ্য পোহৰলৈ আহি আছে। অভিযোগ অনুসৰি, য’তেই চাকৰি কৰে তাতেই নূপুৰে দুৰ্নীতি-অনিয়ম সংঘটিত কৰি কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈ পৰিছিল। চাকৰিৰ উপৰিও তেওঁৰ বৈবাহিক জীৱন একেবাৰে নাটকীয়। কিয়নো য’তেই যায় তাতেই এজন লাট মণ্ডলক বিবাহ কৰিছিল নূপুৰে।

তথ্য অনুসৰি, এ চি এছ বিষয়া হোৱাৰ পাছতে নূপুৰ বৰাই প্ৰথমতে এজন লাট মণ্ডলক বিবাহ কৰিছিল। তেওঁলোকৰ এজনী কন্যা সন্তানো আছে। কিন্তু সন্তান জন্মৰ পাছত সেই দাম্পত্য জীৱন ভঙে। তাৰ পিছত কাৰ্বি আংলঙত পুনৰ এজন লাট মণ্ডলক বিবাহ কৰে নূপুৰে, যদিও বৰপেটালৈ বদলি হোৱাৰ পাছত সেই সম্পর্কো বিচ্ছেদত পৰিণত হয়।

বৰপেটাত চাকৰি কৰাৰ সময়তে নূপুৰ বৰা লাট মণ্ডল সুৰজিত ডেকাৰ সৈতে ঘনিষ্ঠ হয়। অভিযোগ উঠিছে যে দুয়ো গোটেইয়ে মিলি বৃহৎ পৰিসৰত দুৰ্নীতি চলাই কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িছিল। শেহতীয়াকৈ ভিজিলেঞ্চৰ অভিযানত এই কাণ্ড পোহৰলৈ আহিছে আৰু দুয়োকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।
চি এম ভিজিলেঞ্চৰ সূত্ৰ অনুসৰি, নূপুৰ বৰা আয়তকৈ প্ৰায় ৪১৬% অধিক সম্পত্তিৰ গৰাকী আছিল। তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কোটি টকা নগদ, লাখ লাখ টকাৰ সোণ-হীৰাৰ গহনা, দামী সাজপাৰ আদি। লগতে নূপুৰ বৰাৰ ৯টা বেংক একাউন্ট জব্দ কৰিছে ভিজিলেঞ্চে।
এই ঘটনাই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সাধাৰণ লোকে ইতিমধ্যে প্ৰশ্ন তুলিছে যে, মাত্ৰ চাকৰিৰ দৰমহাৰে কেনেদৰে নূপুৰ বৰা এইদৰে কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হল। ভিজিলেঞ্চৰ তদন্ত অব্যাহত আছে আৰু আগন্তুক দিনত অধিক চমকপ্ৰদ তথ্য বাহিৰ হওৰ সম্ভাৱনা আছে।
