Earthquake । জন্মাষ্টমীৰ দিনটোতেই ভয়ংকৰ বৰষুণ আৰু ধুমুহাৰ মাজতে আকস্মিকভাৱে অনুভৱ কৰা গ’ল ভূমিকম্প। সন্ধিয়া ৪ বাজি ৪৩ মিনিটত ৰাজ্যজুৰি জোকাৰিল ভূমিকম্প।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৯। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলিৰ পৰা প্ৰায় ১৬ কিঃমিঃ দূৰত।
এই ভূমিকম্পৰ প্ৰভাৱকেৱল অসমতেই সীমাবদ্ধ নহ’ল। একে সময়তে নেপাল, ম্যানমাৰ, ভূটান, চীন আৰু ভাৰত—মুঠ ৫খন দেশত এই কম্পনৰ জোকাৰণি অনুভৱ কৰা গ’ল।

ভয়ংকৰ বৰষুণৰ ফলত মহানগৰীত প্ৰথমে সৃষ্টি হয় বন্যা সদৃশ পৰিস্থিতি। তাৰ উপৰি ভূমিকম্পৰ কঁপনতে জনসাধাৰণত আতংক সৃষ্টি হয়।
দিনৰ মাজতেই অন্ধকাৰত বুৰ গৈছিল মহানগৰী। বজ্ৰপাত, ধুমুহা আৰু ভূমিকম্প—তিনিটা প্ৰাকৃতিক প্ৰকোপৰ সংমিশ্ৰণত জনজীৱন সম্পূৰ্ণৰূপে অৱ্যৱস্থাপ্ৰাপ্ত হৈ পৰিছে।
আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ প্ৰভাৱ কেনেকুৱা অনুভৱ কৰিলেনে?
