শ্ৰীভূমিত অলৌকিক "পাত বাবা"! তিনিদিনত যিকোনো ৰোগ নিৰাময়? হাজাৰ হাজাৰ ৰোগীৰ ভিৰ । BABA

শ্ৰীভূমিত অলৌকিক “পাত বাবা”! তিনিদিনত যিকোনো ৰোগ নিৰাময়? হাজাৰ হাজাৰ ৰোগীৰ ভিৰ । BABA

BABA । শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ সম জিলাৰ গড়েৰবন্দ গাঁওত বৰ্তমানে আলোড়ন সৃষ্টি কৰিছে এজন “পাত বাবা”। স্থানীয় ৰাইজৰ দাবী অনুসৰি, বাবাই দিয়া এক বিশেষ জংঘলৰ পাত খালেই যিকোনো ৰোগৰ পৰা পৰিত্ৰাণ লাভ হয়।

প্ৰায় ডেৰ মাহ পূৰ্বে আৰম্ভ হোৱা এই অলৌকিক চিকিৎসা পদ্ধতি আৰম্ভ কৰিছিল অৱসৰপ্ৰাপ্ত সেনা কৰ্মী সত্য বাবু সিনহাই। তেওঁৰ মতে, স্বপোনত দেখা বিশেষ পাত প্ৰথমে নিজৰ পত্নীক দিয়াৰ পিছতেই চিকিৎসাৰ আৰম্ভণি হয়। তাৰ পিছত চুবুৰীয়া আৰু আত্মীয়সকলে খোৱা আৰম্ভ কৰি আশ্চৰ্যজনকভাৱে আৰোগ্য লাভ কৰাৰ দাবী কৰে।

বৰ্তমানে এই খবৰ বন জুইৰ দৰে প্ৰসাৰ লাভ কৰি দূৰ-দূৰান্তলৈ বিয়পি পৰিছে। কেৱল শ্ৰীভূমি নহয়, বহি ৰাজ্যৰ পৰা শ শ ৰোগী বাবাৰ ওচৰলৈ ভিৰ কৰিছে। কোনোবাৰ জ্বৰ, কোনোবাৰ দীৰ্ঘদিনীয়া অসুখ বা মানসিক সমস্যাৰ পৰা মুক্তি পাইছে বুলি দাবী কৰা হৈছে।

সত্য বাবু প্ৰতিদিনে গভীৰ জংঘলত গৈ সেই পাত সংগ্ৰহ কৰি বিনামূলীয়া ভাৱে ৰোগীৰ মাজত বিলাই থাকে। তেওঁৰ মতে, “মা দূৰ্গাৰ কৃপাৰ ফলতেই এই পাত মৃতসঞ্জীৱনী হৈ পৰিছে।”

ইপিনে গাঁওটোত প্ৰতিদিনে ভক্তৰ অশংখ্য ভিৰ পৰিলক্ষিত হৈছে। ধনী-দৰিদ্ৰ, সৰু-ডাঙৰ সকলোয়ে বাবাৰ ওচৰত আশ্ৰয় লইছে। কোনোবাই বাবাক দৈৱশক্তিধৰ বুলি মানি লৈছে, আবার কোনোবাই একে কেৱল বিশ্বাসৰ প্ৰশ্ন বুলি আখ্যা দিছে।

প্ৰশ্ন উত্থাপন হৈছে—
আধুনিক চিকিৎসা বিজ্ঞানৰ এই যুগত, “পাত বাবা”ৰ এই অলৌকিক চিকিৎসা কিমান যুক্তিসংগত?

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top