
Assam Nath-Yogi community । বিলাসিপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অবৈধ বেদখলকাৰী উচ্ছেদ, উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু জনজাতিকৰণৰ দাবীত সন্ধিয়া ৫ বজাত সূৰ্য্যাখাতা নাথপাৰাত জোঁৰ সমদল উলিয়াই বিলাসিপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাই,
শ শ নাথ জনগোষ্ঠীৰ লোকে একেলগে হাতত জুই জ্বলাই প্ৰতিবাদ কৰিবলৈ ৰাজ পথলৈ আহিল
জোৰ সমদলত উপস্থিত থাকে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথৰ লগতে বিষয়ববীয়া সকল,
সভাপতি অৰবিন্দ নাথে কয় যে আজিৰ পৰা আকৌ আন্দোলন আৰাম্ভনি আজি বিলাসিপাৰাৰ পাছতে অহা ১২ চেপ্তেম্বৰ তাৰিখে গোলাঘাট জিলাৰ সৰুপথাৰত জোঁৰ সমদল কাৰ্যসূচী লোৱা হব আৰু ১৩ চেপ্তেম্বৰ তাৰিখে বঙাইগাঁও জিলা আৰু ৯ অক্টোবৰ তাৰিখে কোকৰাঝাৰ, ইয়াৰ পাছত যদি নাথ যোগী জনগোষ্ঠীৰ কথা চৰকাৰ খনে ভাবি নেচায় তেতিয়া হলে ১৪ অক্টোবৰত গুৱাহাটীত ৰণহুংকাৰ আৰু ১৮ অক্টোবৰত নগাঁৱৰ পাছতে ২৬ অক্টোবৰত ধুবুৰীত জোঁৰ সমদল উলিয়াই ৮ ডিচেম্বৰত দিল্লী যন্তৰ মন্তৰত ৰণডংকা কাৰ্য্যসূচী গ্ৰহণ কৰি জানুৱাৰী মাহত গোৱালপাৰা আৰু ধেমাজি জিলাত বিশাল গণ সমাবেশৰ হুংকাৰ দিয়ে ।
