Marriage । ভতিজাকৰ সৈতে স্ত্ৰীৰ বিয়া পাতি দিলে স্বামীয়ে
পাঁচ বছৰীয়া পুত্ৰ আৰু তিনি বছৰীয়া কন্যা সন্তানক এৰি এগৰাকী বিবাহিতা মহিলাই নিজৰ স্বামীৰ অনুমতিত ভতিজাকৰ সৈতে পুনৰ বিবাহ সম্পন্ন কৰে।

ঘটনাটো খানপুৰ থানাৰ অন্তৰ্গত হনুমান মন্দিৰত সংঘটিত হয়। স্থানীয় সূত্ৰৰ মতে, মহিলাগৰাকীৰ স্বামীয়ে নিজৰ পিতৃ-মাতৃ আৰু দুয়োটা সন্তানক লৈ উপস্থিত হৈ ভতিজাকৰ সৈতে পত্নীৰ বিয়া পাতি দিয়ে।
এই অদ্ভুত ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে এই ঘটনাক লৈ ব্যাপক আলোচনা-সমালোচনা আৰম্ভ কৰিছে।

গাজীপুৰ জিলাৰ চন্দল গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
