UPPL । বিটিআৰৰ শাসক দল ইউনাইটেড পিপল’ছ পাৰ্টি লিবেৰেল (UPPL) এ আজি দ্বিতীয়খন প্ৰাৰ্থীতালিকা প্ৰকাশ কৰিছে। দ্বিতীয়খন তালিকাত ১৬ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ আগতে ২২ আগষ্টত প্ৰথমখন প্ৰাৰ্থীতালিকা প্ৰকাশ কৰি ১৮ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল দলটোৱে।

তালিকাত প্ৰথমে সৰ্বাধিক গুৰুত্বৰ ঘোষণা হৈছে — বিটিআৰ চীফ প্ৰমোদ বড়ো গইবাৰী পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচন খেলিব।

তালিকাৰ প্ৰধান দিশসমূহ —
- গইবাৰী সমষ্টি : প্ৰমোদ বড়ো
- চিৰাং দুৱাৰ সমষ্টি : খাম্পা বৰগয়াৰী
- ভৈৰৱকুণ্ড সমষ্টি : বৰ্তমানৰ বিধায়ক তথা ডেপুটি CEM গোবিন্দ চন্দ্ৰ বসুমতাৰী
- দিহিৰা সমষ্টি : বৰমাৰ বিধায়ক ভূপেন বড়ো
- বাওখুংগুৰী আৰু নিচিমা সমষ্টি : ৰঞ্জিত বসুমতাৰী

এই ঘোষণাৰ পিছত দলখনত গৰম পৰিস্থিতি সৃষ্টি হৈছে। প্ৰাৰ্থীতালিকা প্ৰকাশ পোৱাৰ লগে লগেই প্ৰমোদ বড়োৰ OSD ড° ছাংগ্ৰাং ব্ৰহ্মই UPPL ত্যাগ ঘোষণা কৰিছে। হাগ্ৰামা মহিলাৰীৰ সময়ত Second in Command হিচাপে খ্যাত খাম্পা বৰগয়াৰীক ইউপিপিএলৰ টিকট প্ৰদান কৰাত ক্ষোভ প্ৰকাশ কৰি দল এৰি দিছে ব্ৰহ্মই।
