Apollo Hospitals । এপ’ল হস্পিতাল, চেন্নাইয়ে উত্তৰ-পূৱলৈ লৈ আহিছে ব্যক্তিগতকৃত বিশ্বমানৰ স্বাস্থ্যসেবা।

ভাৰতৰ অন্যতম আগশাৰীৰ বহু সুবিধাযুক্ত সেবা প্রতিষ্ঠান চেন্নাইৰ এপ’ল হস্পিতালে আজি গুৱাহাটীত তেওঁলোকৰ জ্যেষ্ঠ পৰামৰ্শদাতাৰ সৈতে এক বিশেষ সংবাদমেল তথা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰি উত্তৰ-পূৱ ভাৰতৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতা পুনৰ প্ৰতিপন্ন কৰে। এই পদক্ষেপে অসম আৰু সমগ্ৰ উত্তৰ পূৱ অঞ্চলৰ ৰোগীসকলক ব্যক্তিগতকৃত, অনুভৱশীল আৰু উচ্চ মানৰ সেৱা প্ৰদানৰ ক্ষেত্ৰত এপ’ল হস্পিতালৰ নিষ্ঠাক প্রতিফলিত কৰিছে।
এই অনুষ্ঠানত বিশিষ্ট চিকিৎসা বিশেষজ্ঞ, সুস্থ হৈ উঠা ৰোগী আৰু সংবাদ মাধ্যমৰ সদস্যসকলে এক আলোচনা, বাস্তৱ জীৱনৰ অভিজ্ঞতা আৰু উন্নত চিকিৎসাৰ অর্ন্তদৃষ্টিৰ বাবে একত্রিত হৈছিল।

মানুহৰ সংস্পৰ্শৰ জৰিয়তে নিৰাময়ক শক্তিশালী কৰাঃ
এপ’ল হস্পিতাল, চেন্নাইৰ সেৱা দৰ্শনৰ মূলতে আছে ৰোগীৰ প্ৰথম পদ্ধতি- যিয়ে আৱেগিক আৰাম আৰু সম্পূর্ণ লজিষ্টিক সমর্থন নিশ্চিত কৰিবলৈ বাহিৰলৈ যায়। উত্তৰ-পূৱৰ পৰা যোৱা ৰোগীৰ বাবে এপ’ল হস্পিতাল চেন্নাইয়ে স্থাপন কৰিছে-
- ব্যক্তিগত সহায়ৰ বাবে চিকিৎসালয়ত এটা একচেতিয়া উত্তৰ-পূৱ ৰোগী সহায়ক টেবুল। সেৱাৰ প্ৰতিটো পৰ্য্যায়ৰ মাজেৰে শেষলৈকে হাত ধৰি ৰখা ভ্রমণ আৰু ভৰ্ত্তিৰ পৰা আৰম্ভ
কৰি চিকিৎসা আৰু আৰোগ্য হোৱালৈকে।
- অসমীয়া, বাংলা আৰু থলুৱা ভাষাক প্রাধান্য দিয়া।
-ৰোগীৰ লগত থকা আৰু পৰিয়ালৰ লোকৰ বাবে চিকিৎসালয়ৰ ওচৰত সুলভ মূল্যত থকাৰ ব্যৱস্থা কৰা।
এই প্রচেষ্টাসমূহ ৰোগীয়ে যাতে ঘৰত থকাৰ দৰে নিৰাপদ অনুভৱ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে।
বিশেষজ্ঞ সকলক লগ কৰকঃ-
এই অধিবেশনত অংশ গ্রহণ কৰা এপ’ল হস্পিতাল চেন্নাইৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা বিশেষজ্ঞ পৰামৰ্শদাতাসকল হৈছে-ডাঃ ইলানকুমাৰন কে. লিভাৰ ট্রেন্সপ্লেন্ট অস্ত্রোপচাৰ বিশেষজ্ঞ
“আমাৰ লিভাৰ ক্লিনিকে ৰোগীক বিশেষ ট্রেন্সপ্লেন্ট পৰামৰ্শৰ দ্বাৰা ৰোগীক ওচৰ চপাই আনে আৰু ভ্ৰমণৰ ভাগৰ অনুভৱ নোহোৱাকৈ তেওঁলোকক সেৱা প্রদান কৰে।”
ডাঃ চৈয়দ আফ্র’জ হুছেইন জ্যেষ্ঠ পৰামৰ্শদাতা, চার্জিকেল অংক’ল’জি
“আমাৰ বহু বিষয়ক প্ৰমাণভিত্তিক যত্ন প্রতিফলিত কৰা ৩০ টাতকৈও অধিক প্রকাশনে প্রতিজন ৰোগীৰ প্ৰয়োজন অনুসৰি দ্রুত ও নিৰাপদ চিকিৎসাক অগ্রাধিকাৰ দিওঁ।”
ডাঃ জিমি শ্বেড- পৰামৰ্শদাতা, শিশু ইউৰ’ল’জী
” ২০ বছৰত কৈও অধিক অভিজ্ঞতাৰে আমাৰ দলটোৱে কেরল মাত্র ক্লিনিকেল উৎকৃষ্টতাই নহয়, শিশুৰ বাবে মৰমসনা সেৱা অন্তর্ভূক্ত কৰে।”
ডাঃ সন্দীপ বাফনা জ্যেষ্ঠ পৰামৰ্শদাতা, ইউৰ’ল’জী
“সহানুভূতি আৰু সঠিকভাৱে ব্যৱহাৰ কৰা ইউৰ’ল’জিকেল হস্তক্ষেপৰ জৰিয়তে দূৰৰ পৰা অহা ৰোগীসকলৰ বাবে দ্রুত আৰু স্থায়ী আৰোগ্য সুনিশ্চিত কৰা।”
এই আগশাৰীৰ বিশেষজ্ঞসকলে যুগান্তকাৰী চিকিৎসা, সফল কেচ কাহিনী আৰু এপ’ল চেন্নাইয়ে কেনেকৈ দ্রুত নিদান আৰু দ্রুত চিকিৎসাৰ টার্ণ আউট প্ৰদান কৰে লগতে ৰোগীৰ বিপদজনক আৰু জটিল অৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰা ইত্যাদিত বিষয়ত মত বিনিময় কৰে।
চেন্নাইৰ এপ’ল হস্পিতালসমূহে ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্রেক্ষপটত কেৱল উন্নত প্রযুক্তিয়েই নহয়, মানবীয় স্বাস্থ্যসেৱা প্রদানৰ ক্ষেত্ৰতো বিশ্বাসযোগ্য ভূমিকা গ্রহণ কৰি আহিছে।
এপ’ল হস্পিতালৰ বিষয়েঃ
১৯৮৩ চনত ডাঃ প্রথাপ চি ৰেডিয়ে চেন্নাইত প্রথমখন চিকিৎসালয় মুকলি কৰাৰ সময়ত এপ’ল হস্পিতাল এন্টাৰপ্ৰাইজ লিমিটেডে (এপ’ল) স্বাস্থ্য সেৱাত এক বৈপ্লৱিক পৰিবৰ্ত্তন আনিছিল। আজি এপ’ল ৭৩ খন চিকিৎসালয় আৰু ১০,০০০ বিছনা, ৬০০০ ফামচিী, ২৫০০ ক্লিনিক ও ডায়’গন’ষ্টিক চেন্টাৰ, ৫০০ ৰো অধিক টেলিমেডিচিন চেন্টাৰেৰে বিশ্বৰ সর্ববৃহৎ স্বাস্থ্য সেরা খণ্ড। ২ লাখৰো অধিক অস্ত্রোপচাৰেৰে বিশ্বৰ আগশাৰীৰ কার্ডিয়েক চেন্টাৰ আৰু বিশ্বৰ সৰ্ববৃহৎ ব্যক্তিগত কেন্সাৰ সেৱা প্রতিষ্ঠান। ৰোগীসকলে বিশ্বৰ ভিতৰতে সর্বোত্তম চিকিৎসা সেৱা উপলব্ধ হোৱাতো নিশ্চিত কৰিবলৈ এপ’লই অত্যাধুনিক প্রযুক্তি, সঁজুলি আৰু চিকিৎসা প্রট’কল আনিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে।
