একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা আগ্নেয়াস্ত্ৰ ! উদ্ধাৰ, বিদ্যালয়ত তীব্ৰ চাঞ্চল্য । Sribhumi

একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা আগ্নেয়াস্ত্ৰ ! উদ্ধাৰ, বিদ্যালয়ত তীব্ৰ চাঞ্চল্য । Sribhumi

Sribhumi । শ্ৰীভূমি চহৰৰ ফ্ৰন্টিয়াৰ চিনিয়ৰ ছেকেণ্ডেৰী বেচৰকাৰি বিদ্যালয়ত একাদশ শ্ৰেণীৰ পাঠদান চলি থকা অৱস্থাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। শ্যাম কুৰি নামৰ এজন ছাত্ৰৰ পকেটৰ পৰা এটা সন্দেহজনক আগ্নেয়াস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছত বিদ্যালয়জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰে ।

ঘটনাৰ বিৱৰণ অনুসৰি, পাঠদান চলি থাকোতে শ্যাম কুৰি নামৰ ছাত্ৰগৰাকীয়ে বাৰে বাৰে নিজৰ পকেটলৈ হাত দিছিল। এই দৃশ্য দেখে শিক্ষকৰ সন্দেহ হয় যে, হয়তো মোবাইল ফোন লৈ আহিছে—কিয়নো বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ। শিক্ষকে তৎপৰতাৰে ছাত্ৰৰ পকেট পৰীক্ষা কৰাত পোৱা যায় আগ্নেয়াস্ত্ৰ ।

পৰিস্থিতি গম্ভীৰ হৈ পৰাত বিদ্যালয়ৰ পৰা খবৰ দিয়া হয় ছাত্ৰৰ অভিভাৱক আৰু সদৰ আৰক্ষীক। আৰক্ষী দল বিদ্যালয়ত উপস্থিত হৈ সন্দেহজনক অস্ত্ৰ, ছাত্ৰ আৰু ছাত্ৰৰ পিতাক থানালৈ লৈ যায়।

বিদ্যালয়ৰ প্ৰধান শিক্ষকে জনায়—শ্যাম কুৰি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে বিদ্যালয় অহাৰ সময়ত মুখত কাপোৰেৰে মেৰোৱা এজন ব্যক্তীয়ে এই অস্ত্ৰখন দিয়ে আৰু তেঁও আৰু তেওঁৰ পিতাক প্ৰাণে মৰাৰ ভাবুকি দিছে।

প্ৰাথমিক সন্দেহ হৈছে উদ্ধাৰ হোৱা অস্ত্ৰখন এয়াৰ গান হ’ব পাৰে। তথাপি, সঁচা তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মূল প্ৰশ্ন হৈছে—এজন স্কুলীয়া ছাত্ৰৰ হাতলৈ এই অস্ত্ৰখন কেনেদৰে আহিল আৰু ইয়াৰ পৃষ্ঠপোষক কোন?

এই ঘটনাই অঞ্চলত আতঙ্কৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু শিক্ষানুষ্ঠানত সুৰক্ষাৰ প্ৰশ্ন পুনৰো গম্ভীৰভাৱে উত্থাপিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top