জমিয়তক লৈ ৰাজনীতি কোনো পধ্যেই গ্ৰহণযোগ্য নহয় : আশ্বিক ৰাব্বানী । Jamiat Ulama-i-Hind 

জমিয়তক লৈ ৰাজনীতি কোনো পধ্যেই গ্ৰহণযোগ্য নহয় : আশ্বিক ৰাব্বানী । Jamiat Ulama-i-Hind 

Jamiat Ulama-i-Hind  । জমিয়ত উলেমা-ই-হিন্দৰ নামত ৰাজনীতি কৰা কোনো ধৰণৰ প্ৰচেষ্টা জনসমাজৰ বাবে অশুভ বুলি মন্তব্য কৰিছে মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে। তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া জনাই তেওঁ কয়, ‘‘যিসকলে জমিয়তৰ ইতিহাস নাজানে, তেওঁলোকে প্ৰথমে ইতিহাস অধ্যয়ন কৰক। জমিয়তক লৈ ৰাজনীতি কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়।’’

মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকো গৰিহণা জনাই কয়, ভাৰতৰ স্বাধীনতা আন্দোলনত জমিয়ত উলেমা-ই-হিন্দে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ স্পষ্টভাৱে মন্তব্য কৰে, ‘‘জমিয়ত মুছলমান সমাজৰ আৱেগ আৰু অনুভূতিৰ সৈতে জড়িত এটা অনুস্ঠান। সেয়ে জমিয়তক লৈ ৰাজনীতি নকৰিব।’’

তথাকথিত কিছুমান সংগঠনৰ নেতাসকল জমিয়তক লৈ সমালোচনা কৰাৰ আগতে ইণ্ডিয়া গেটত লিখি ৰাখা দেশৰ বাবে শ্বহীদ হোৱা মুছলমানসকলৰ নাম চাই আহিবলৈ আহ্বান আশ্বিক ৰাব্বানীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top