Congress South Salmara Mankachar । দক্ষিণ শালমৰা-মানকাচৰত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই কংগ্ৰেছ দলত গৃহযুদ্ধ আৰম্ভ হৈছে। জিলা পৰিষদৰ প্ৰাৰ্থীক লৈ উঠি থকা এই বিতৰ্কে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছৰ মাজত অশান্তি বৃদ্ধি কৰিছে।

উল্লেখযোগ্য যে, চলিত বছৰৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ হৈ তানজিনা খান (কাকৰিপাৰা), নুৰ য়াছমিন শেখ (কালাপানী), আৰু মিৰজুনা বেগম (দক্ষিণ শালমৰা) জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। লগতে AIUDF আৰু AGP সমৰ্থিত ৱাহিদুৰ ৰহমান ফেকামাৰিৰ পৰা জয়ী হয়। এই ফলাফলৰ পিছতেই দলীয়ভাৱে গৃহযুদ্ধৰ সূচনা হয়।

তানজিনা খানক লৈ কংগ্ৰেছৰ অভ্যন্তৰীণ সংকট
কংগ্ৰেছ নেতা আৰ এছ খানৰ ভাই বোৱাৰীৰ তানজিনা খানে দলীয় সিদ্ধান্ত অমান্য কৰি জিলা পৰিষদৰ সভাপতি পদত প্ৰাৰ্থিতা আগবঢ়ায়। এই পদৰ বাবে মিৰজুনা বেগমৰ নামো প্ৰস্তাৱিত হৈছিল। নূৰ য়াছমিন শেখে একে দলৰ দুজন প্ৰাৰ্থী প্ৰস্তাৱ হ’ব নেকি বুলি প্ৰশ্ন তোলাৰ পিছতো জিলা উপায়ুক্তই স্পষ্ট কৰে যে Assam Panchayat Act, 1994 আৰু 1995 অনুসৰি এনে কোনো বিধিনিষেধ নাই।
যদিও নূৰ য়াছমিনে প্ৰতিবাদ অব্যাহত ৰাখে, তানজিনা খানে দলীয় শৃঙ্খলাক উপেক্ষা কৰি প্ৰাৰ্থিতা বজাই ৰাখে। ইয়াক লৈ কংগ্ৰেছ কৰ্মীৰে জিলা প্ৰশাসনৰ ওপৰত গুৰুত্ব ন’দিয়াৰ অভিযোগ তোলে।

মিৰজুনা বেগমে আইনৰে কাষ চাপিলে
অৱশেষত কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্যা মিৰজুনা বেগমে আইনগত ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ তানজিনা খান আৰু জিলা উপায়ুক্তৰ বিৰুদ্ধে Panchayat Act, 1994 ৰ 111(3) ধাৰা লংঘনৰ অভিযোগ উত্থাপন কৰে।

APCC ৰ বিশেষ কমিটি
এই বিষয়ত তদন্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এজনীয়া কমিটি গঠন কৰিছে। কমিটিত অন্তর্ভুক্ত হৈছে আৰ পি শৰ্মা, চৰিফুল ৰহমান আৰু বৰ্ণালী ফুকন। এই তিনিজনীয়া কমিটীক ৩ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
আৰ এছ খানক লৈ নতুন বিতৰ্ক
এই ঘটনাৰ পটভূমিত পুনৰ একবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত পৰিছে আৰ এছ খান। কংগ্ৰেছ নেতা খান সন্ত্ৰাসবাদী সংগঠনক ধন প্ৰদানৰ বাবে ২০০৬ চনত ৮ বছৰ কাৰাবাস খাটিছিল বুলি অভিযোগ। লগতে হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ সৈতে তেওঁৰ নাম জড়িত আছে বুলি একাংশে উত্থাপন কৰিছে।
এই পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হৈছে— গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দল অনুশাসন বজায় ৰাখি নিজৰ কৰ্মীক ন্যায় দিব নে? নে আৰ এছ খানৰ প্ৰভাৱ আৰু দপদপনি কংগ্ৰেছত এতিয়াও অব্যাহত থাকিব?
