EX-MLA । এই বাৰ এগৰাকী প্ৰাক্তন বিধায়ক কেমেৰাৰ সন্মুখত হুক হুকাই কান্দিছে
মই কেনেকুৱা MLA আছিলোঁ মই কেনেকুৱা নেতা হলোঁ নিজৰ জাতিটোক নিৰাপত্তা দিব নোৱাৰিলোঁ?
দুখীয়া, দৰিদ্ৰ,মুছলমান সকলোক নিৰাপত্তা দিব নোৱাৰিলোঁ ন্যায় দিব নোৱাৰিলোঁ?

আজি হঠাৎ আবেগিক হৈ কেমেৰাৰ সন্মুখত কান্দিছে AIUDF ৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ।
উল্লেখ কৰিছে আজি চকুৰ সন্মুখত মছজিদ ভাঙিছে যত আমি নামাজ পৰোঁ অন্যায় ভাৱে ভাঙি আছে,কৱৰ স্থান ভাঙি আছে,দৰগা ভাঙি আছে,মুছলমানক আক্ৰমণ কৰি আছে,মুছলমান হলে বাংলাদেশী বনাই আছে অকল আমি চাই আছোঁ আমি একো কৰিব পৰা নাই?

আজি আমাৰ সৈতে অন্যায় কৰি আছে,আমাক ফুট বল বনাইছে,জধে মধে আমাক আক্ৰমণ কৰিছে?

আজি উজনিত শৃংখল চলিহাৰ দৰে কুকুৰ বৰে মুছলমান সকলোক অত্যাচাৰ কৰি আছে,চেতু বৰুৱা লগতে বিজেপি আৰু CM ৰ যি সকল কৰ্ম কৰ্তা সকলে মুছলমানক অত্যাচাৰ কৰি আছে তেওঁলোকে এদিন বুজি পাবোঁ এই মন্তব্য AIUDFৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ।

প্ৰাক্তন বিধায়ক দাবি কৰে অসমত মিঞা নাই,বাংলাদেশী নাই জদি আছে তেন্তে দেশত আইন প্ৰশাসন আছে তেওঁলোকে ব্যৱস্তা”লব প্ৰয়োজন হলে আমি আপোনালকৰ লগত থাকিম?
কিন্তুক মুছলমানক মিঞা সজাব নোৱাৰিব,মুছলমান হলে মিঞা বনোৱা বন্ধ কৰক বুলি হুক্কাৰ।
যেনে ধৰনৰ উজনিত মুছলমানক হাৰাশাস্তি দি আছে মনত এনেকুৱা হয় যেন আমিওঁ নামনিত তেনেকুৱা কৰোঁ কিন্তুক আমি মানুহ যাৰ বাবে আমি নকৰোঁ
এই বিস্ফোৰক মন্তব্য ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ।
