কাছাৰৰ লক্ষীপুৰত ৪১.৫ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ।Cachar Heroin News

Cachar Heroin । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে তিনিজন সৰবৰাহকাৰীসহ বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিছে। কাছাৰৰ লক্ষীপুৰত এখন অটোৰিক্সাত তালাচী চলাই আৰক্ষীয়ে তিনিজন যাত্ৰীৰ পৰা জব্দ কৰিছে হেৰ’ইনখিনি।‌


গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ CDSP পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত বাচকান্দি আৰক্ষীয়ে উজান তাৰাপুৰত অটোখনত তালাচী চলাই যাত্ৰী তিনিজনৰ পৰা ৭ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। চাৰ্টৰ ভিতৰত লুকুৱাই অনা চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ৮৩ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ৪১.৫ লাখ টকা। হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দৰং জিলাৰ খাৰুপেটীয়াৰ তিনি
সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
ধৃত লোক কেইজন ধুলা থানাৰ অন্তৰ্গত নিজ খাৰবাইটোৱাৰ উবিৰ আলী,খাৰুপেটীয়া নদীমুখৰ ৰেজাক আলী আৰু মজিজ আলী বুলি সদৰী কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top