Dilip saikia । অসমীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত নাগৰিক সমাজে প্ৰয়োজনীয় গাম্ভীৰ্য নেদেখুৱাইছে বুলি মন্তব্য কৰিছে অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পদ্মশ্ৰী চায়েদা হামিদৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়াত তেওঁ স্পষ্টভাৱে কয়— ‘‘অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। বাংলাদেশীৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট সফল হ’বলৈ নিদিওঁ।’’

শইকীয়াই নাগৰিক সমাজৰ ভূমিকা প্ৰশ্নবিদ্ধ কৰি কয়, ‘‘নাগৰিক সমাজৰ কিছুমানৰ কথা অসমৰ স্বাৰ্থৰ বিপৰীতে। ১৯০৫ চনৰ পৰা পূৱ পাকিস্তানৰ পৰা অসম লক্ষ্যবস্তু হৈ আহিছে। আজিৰ দিনলৈকে ভয়াবহ জনগাঁথনি পৰিবৰ্তন ঘটিছে, কিন্তু নাগৰিক সমাজ এই ক্ষেত্ৰত সচেতন নহয়।’’
তেওঁ হৰেকৃষ্ণ ডেকাক অসমীয়াত্বৰ পৰিচয় দিবলৈ আহ্বান জনাই কয়, ‘‘এই সকলে কোনো সময়ত মাওবাদীকো সমৰ্থন কৰিব পাৰে। তেওঁলোকৰ উদ্দেশ্য হ’ল অসম তথা ভাৰত সদায় উশৃংখল হৈ থাকক। টুকৰে-টুকৰে গেংৰ প্ৰভাৱ দেখা গৈছে।’’
শইকীয়াই বাংলাদেশীপ্ৰীতি থকা, মানৱতাৰ কথা কোৱা সকলে ‘‘যদি সত্যই সহানুভূতি থাকে, তেওঁলোকই অসমৰ বাংলাদেশীক মক্কালৈ লৈ যাব লাগিব’’ বুলি তীব্ৰ মন্তব্য কৰে।
বিটিচি নিৰ্বাচন সন্দৰ্ভত
শইকীয়াই জনায়, ২৭ আগষ্টত বাজপেয়ী ভৱনত বৈঠক অনুষ্ঠিত হ’ব। ২৭ বা ২৮ আগষ্টত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনা। দলৰ সমীক্ষাত নাম অহা সকলেৰ মাজৰ পৰা এজনে টিকট লাভ কৰিব।
অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰতিক্ৰিয়া
গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈও প্ৰতিবাদেৰে শইকীয়া কয়— ‘‘শ্বাহৰ ভ্ৰমণৰ পিছতেই বিজেপি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’ব। নিৰ্বাচনৰ প্ৰস্তুতি কেনেদৰে চলিব সেই সন্দৰ্ভত শ্বাহৰ বৈঠকতে স্পষ্ট আভাস দিয়া হ’ব।’’
