Scheme to provide Rs 10k each to 30 lakh women entrepreneurs । ৰাজ্যৰ মহিলাসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এক ডাঙৰ উপহাৰ। আজিৰ পৰা (২২ আগষ্ট) আৰম্ভ হৈছে মহিলা উদ্যমিতা অভিযান আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যজুৰি লাখ লাখ মহিলাই ১০ হাজাৰ টকাকৈ ধন লাভ কৰিব।

নলবাৰীৰ পৰা শুভাৰম্ভ কৰা এই আঁচনিৰ অধীনত আজিহে প্ৰায় ৩৪ হাজাৰ মহিলাই পুঁজি লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে এক বিশাল জনসভাৰ মাজত এই আঁচনিৰ শুভাৰম্ভ কৰে।

🔹 আগামী দিনবোৰত বিভিন্ন জিলাত ধন বিতৰণৰ তাৰিখসমূহ –
- ২৩ আগষ্ট – জাগীৰোড
- ২৪ আগষ্ট – মাৰ্ঘেৰিটা
- ২৫ আগষ্ট – ধুবুৰী
- ১ ছেপ্টেম্বৰ – পাথৰকান্দি
- ২ ছেপ্টেম্বৰ – হোজাই
- ৩ ছেপ্টেম্বৰ – জালুকবাৰী আৰু লাহৰীঘাট
- ৪ ছেপ্টেম্বৰ – ঢেকিয়াজুলি
- ৬ ছেপ্টেম্বৰ – মানকাচৰ
- ১৬ ছেপ্টেম্বৰ – গৌৰিপুৰ
- ২৫ ছেপ্টেম্বৰ – বিশ্বনাথ
- ২৬ ছেপ্টেম্বৰ – জোনাই
- ২৭ ছেপ্টেম্বৰ – তিনিচুকীয়া
- ২৮ ছেপ্টেম্বৰ – ৰংখাঙ
এই আঁচনিৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্প আদি বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত মহিলাসকলক উৎসাহিত কৰা হ’ব।
উল্লেখযোগ্য যে, ৰাজ্যজুৰি প্ৰায় ৩০ লাখ মহিলা এই আঁচনিৰ অধীনত উপকৃত হ’ব। ইয়াৰ বাবে চৰকাৰে ৩০০০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।
