Shivsagar । শিৱসাগৰত সমাজক লজ্জানত কৰা জঘন্য ঘটনা । পিতৃৰ হাতত শাৰীৰিক মানসিকভাবে নিৰ্য্যাতিত কন্যা ।

হেমন্ত দাস নামৰ ব্যক্তি গৰাকীয়ে নিজ কন্যাক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাবে নিৰ্যাতন চলাই অহাৰ অভিযোগ। পিতৃ হেমন্ত দাসে নিজ কন্যাক দীৰ্ঘদিন ধৰি বিভিন্ন সময়ত অশ্লীল ইংগিত প্ৰদান কৰি অহাৰ লগতে মাতৃকো শাৰীৰিক প্ৰহাৰ কৰি অহাৰ অভিযোগ ।

পিতৃ নাম পূৰ্বতে এক হত্যাকাণ্ডৰ গোচৰতো সাঙোৰ খাইছিল বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে নিজ কন্যাই ।

নিজ কন্যাই অভিযোগ উত্থাপন কৰে মতে তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ বিষয়া হেমন্ত দাসে সৰুৰে পৰাই মাতৃ – কন্যাক দুয়োকে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই অহাৰ লগতে নিজ কন্যাৰ সৈতে অসৎ চৰিতাৰ্থ পূৰণৰ উদ্দেশ্যে অশ্লীল ইংগিত প্ৰদান কৰি আহিছিল।

অতিষ্ঠ হৈ পিতৃৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ।
