গুৱাহাটীৰ কিডনী হস্পিটেলত উদ্বোধন হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ৰব’টিক চিকিৎসা সেবা ।iUKD

Institute of Urology and Kidney Diseases (iUKD) এ শুক্ৰবাৰে এক সংবাদ মেল আয়োজন কৰি ঘোষণা কৰে যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে উৎসৰ্গিত ইউৰ’লজিকেল ৰব’ট “MANTRA 3.0” উপলব্ধ হ’ব।

হস্পিটেলৰ মুখ্য পৰিচালনা সঞ্চালক তথা ইউৰ’লজি আৰু ৰব’টিকছৰ মুখ্য বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথে অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰব’টিক চিকিৎসা সেৱাৰ শুভাৰম্ভ ঘোষণা কৰে।

তেওঁ কৈছিল, “iUKD কিডনী হস্পিটেলৰ লক্ষ্য হৈছে বিশ্বমানৰ ইউৰ’লজি আৰু ৰব’টিক চিকিৎসা এখন বিশেষায়িত হস্পিটেলৰ পৰা জনসাধাৰণলৈ প্ৰদান কৰা। এই MANTRA 3.0 ৰ আগমনে উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা ক্ষেত্ৰত এটা যুগান্তকাৰী পৰিৱর্তন আনিব।”

এই সংবাদ মেলত উপস্থিত আছিল iUKDৰ পৰিচালন সঞ্চালিকা সন্ধ্যামিকা দেৱী, চিইঅ’ দেৱজিৎ বৰকাকতি, বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ দেবজিৎ বৈশ্য আৰু ডাঃ বৰুণ কুমাৰ, লগতে ডাঃ বিকাশ চৌধুৰী আৰু ডাঃ বৰেণ্য বৰা

অনুষ্ঠানত উপস্থিত বিশিষ্ট চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু নিমন্ত্ৰিত অতিথিসকলে মন্তব্য কৰে যে MANTRA 3.0 ৰ সন্নিৱেশে জটিল কিডনী আৰু ইউৰ’লজিকেল চিকিৎসাত গুৱাহাটীৰ iUKD ক শুধু উত্তৰ-পূৰ্বাঞ্চলৰ নহয়, দেশৰ শীৰ্ষস্থানীয় চিকিৎসা কেন্দ্রসমূহৰ মাজত গণ্য কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top