মিঠা কথাৰে চাকৰিৰ প্ৰলোভন দি , RSS নেতা কৌশিক শৰ্মাই গাভৰু যুৱতীৰ লগত কৰিলে কি ! RSS

RSS । মিঠা কথাত প্ৰৱঞ্চনা, চাকৰিৰ নামত ৫ লাখ টকা হাতত লৈ গ্ৰেপ্তাৰ RSS নেতা কৌশিক শৰ্মা । চাকৰিৰ নামত এক যুৱতীৰ পৰা ৫ লাখ টকা আদায় কৰাৰ অভিযোগত সোমবাৰে বৰপেটা জিলাৰ সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে RSS নেতা কৌশিক শৰ্মাক।

ভুক্তভোগী যুৱতীগৰাকীক কৌশিক শৰ্মাই আৰম্ভতে বহু মিঠা কথা কৈছিল। তেওঁ নিজকে প্ৰভাৱশালী ব্যক্তিৰূপে পৰিচয় দি বহু ৰাজনৈতিক নেতাৰ সৈতে নিজৰ ঘনিষ্ঠ চিনাকী থকাৰ দাবী কৰিছিল। এই ভাঁওতা কথাৰে মোহিত কৰি তেওঁ যুৱতীগৰাকীক চাকৰি প্ৰদান কৰিব বুলি আশ্বাস দিয়ে।

কিন্তু প্ৰতিশ্ৰুত চাকৰি নোপোৱাৰ পাছত যুৱতীগৰাকীয়ে নিজৰ ধন ঘূৰাই বিচাৰিলে। তাৰ পিছতেই ঘটনাটোৰ প্ৰকৃত স্বৰূপ উন্মোচিত হয় আৰু অভিযোগৰ ভিত্তিত কৌশিক শৰ্মাক নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনাটোৱে বৰপেটা আৰু আশে পাশেৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টિ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top