GMCH । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতি বিভাগত ভয়ংকৰ ঘটনা । ১৫ আগষ্টত জন্ম হোৱা এটি কন্যা নৱজাতকৰ মৃত্যু হৈছে GMCHৰ প্ৰসূতি বিভাগত সংঘটিত এক ভয়ংকৰ ঘটনাত। হাসপাতালৰ ICUত একেখন বিছনাত একে সময়তে চাৰিজন নৱজাতকক ৰাখি চিকিৎসা চলাই থকা অৱস্থাত এই দুর্ঘটনা সংঘটিত হয়।

সূত্রৰ মতে, মৃত নৱজাতকটি বিছনাৰ পৰা পৰি মৃত্যুবৰণ কৰে। ইয়াৰ লগতে, আন দুজন নৱজাতকো বিছনাৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে। লগতে, আন এটি নৱজাতক ৰচীতত লাগি ওলমি থকা অৱস্থাত পোৱা গৈছে।

এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে আৰু GMCHৰ চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালৰ লোকসকলে। ঘটনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি GMCH কর্তৃপক্ষই ইতিমধ্যে উচ্চস্তৰীয় তদন্তৰ ঘোষণা কৰিছে।
হাসপাতালত এদিনমানীয়া এই গাফিলতিয়ে প্ৰশ্নৰ জন্ম দিছে—প্ৰসূতি বিভাগত নৱজাতকৰ নিৰাপত্তা কিমান নিশ্চিত?
