
Prime Minister Narendra Modi । ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ অৱসৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বাদশবাৰৰ বাবে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। প্ৰায় ১০৩ মিনিট সময়ৰ এই ভাষণত মোদীয়ে কৃষক, যুৱক-যুৱতী, ৰাষ্ট্ৰীয় নিৰাপত্তা, প্ৰযুক্তি, অৰ্থনীতি আৰু উন্নয়ন পরিকল্পনা আদি বহু বিষয় স্পৰ্শ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে অপাৰেশ্যন সেন্দূৰত অংশগ্ৰহণ কৰা জোৱানসকলক কৃতজ্ঞতা জ্ঞাপন কৰি মন্তব্য কৰে যে, ভাৰতে সন্ত্ৰাসবাদীৰ কল্পনাতকৈ ডাঙৰ শাস্তি প্ৰদান কৰিছে। তেওঁ ভাৰতৰ সংবিধানৰ বাবে প্ৰাণ আহুতি দিয়া ড০ শ্যাম প্ৰসাদ মুখাৰ্জীক স্মৰণ কৰে। পাকিস্তানক উদ্দেশ্য কৰি মোদীয়ে স্পষ্ট কৰি দিয়ে যে, ভাৰতে পাৰমাণৱিক ব্লেকমেইলক ভয় নকৰে আৰু সিন্ধু জল চুক্তি স্থগিতকৰণৰ জৰিয়তে ‘তেজ আৰু পানী একেলগে ব’ব নোৱাৰে’ বুলি দেখুৱাই দিছে।

দেশত সঘনাই সংঘটিত প্ৰাকৃতিক দুৰ্যোগৰ ভুক্তভোগীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি মোদীয়ে কেন্দ্ৰ চৰকাৰৰ তৎপৰতাৰ কথা দাঙি ধৰে। যুক্তৰাষ্ট্ৰৰ শুল্ক নীতিৰ প্ৰতি আপত্তি জনাই তেওঁ কয়, গৰু পালক আৰু মাছমৰীয়াৰ স্বার্থৰ ক্ষেত্ৰত ভাৰত কোনো আপোচ নকৰে।

তেওঁ বিকশিত ভাৰতৰ আধাৰ হিচাপে আত্মনিৰ্ভৰশীল ভাৰতৰ কথা দোহৰে আৰু দেৱালীত জনতাৰ বাবে কৰ হ্ৰাসৰ আশ্বাস দিয়ে। ‘প্ৰধানমন্ত্ৰী বিকশিত যোজনা’ৰ ঘোষণা কৰি ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পোৱা সকলক ১৫,০০০ টকা প্ৰদানৰ কথা জানে।
মোদীয়ে আৰ এছ এছক বিশ্বৰ সৰ্ববৃহৎ এন জি অ’ বুলি প্ৰশংসা কৰে। দেশত ‘সুদৰ্শন চক্ৰ অভিযান’ আৰম্ভৰ ঘোষণা কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। মেদবহুলতাক দেশৰ ডাঙৰ সংকট বুলিও উল্লেখ কৰে।
অনুপ্ৰৱেশকাৰীয়ে ভাৰতৰ জনগাঁথনি সলনি কৰাৰ চেষ্টা কৰাৰ অভিযোগ কৰি তেওঁ দৃঢ়ভাৱে কয় যে এনে অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰিব লাগিব। প্ৰযুক্তি-চালিত একবিংশ শতিকাৰ প্ৰেক্ষাপটত মোদীয়ে দেশৰ যুৱ বিজ্ঞানী আৰু অভিযন্তাসকলক ‘মেড ইন ইণ্ডিয়া’ জেট ইঞ্জিন নিৰ্মাণৰ আহ্বান জনায়।
ইলেকট্ৰিক বাহনৰ যুগ আগমনৰ সংকেত দিয়ে তেওঁ কয়, সৌৰ পেনেল আৰু ইভি-সম্পৰ্কীয় সকলো সামগ্ৰী দেশেই উৎপাদন কৰিব লাগিব। ‘Vocal for Local’ মন্ত্ৰ আগুৱাই নিবলৈ সকলোকে আহ্বান জনায়। এছ-৪০০ ৰ প্রসঙ্গ উত্থাপন কৰি তেওঁ ২০৩৫ চনৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ঢালখন অধিক শক্তিশালী আৰু আধুনিকীকৰণৰ পৰিকল্পনা প্ৰকাশ কৰে।
শেষত মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ বাবে ‘টাস্ক ফ’ৰ্চ’ গঠনৰ কথা ঘোষণা কৰি ২০৪৭ চনত বিকশিত ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ দোহৰে।
