দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ন বোৱাৰীৰ মৃতদেহ উদ্ধাৰ । Newly Married Woman

newly married woman । চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডত নৱ বিবাহিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, আৰক্ষীৰ তদন্ত চলি আছে

চাপৰৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা এগৰাকী নৱ বিবাহিত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃত বোৱাৰীৰ নাম আফছানা আহমেদ বুলি জানিব পৰা গৈছে। কুৰবান আলীৰ পত্নী আফছানাক নিজৰ স্বামীৰ ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

ঘটনাৰ তদন্তত আৰক্ষীয়ে জনাইছে, দুমাহ পূৰ্বে প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহপাশত আবদ্ধ হৈছিল আফছানা আহমেদ। বহু সপোনেৰে স্বামীৰ ঘৰলৈ অহা আফছানাৰ এই মর্মান্তিক মৃত্যুক লৈ গভীৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

মৃত বোৱাৰীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে, আফছানাক হত্যাৰ পিছত আত্মহত্যাৰ ৰূপ দিয়া হৈছে। ঘটনাৰ পিছত কুৰবান আলী আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে শালকোচা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ময়না তদন্তৰ বাবে প্ৰেৰণ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top