Dhubri Crime News । ধুবুৰী জিলাৰ কালাহাট কিচমত হাসদহ উচ্চ মাধ্যমিক বিদ্যালয়ত এগৰাকী ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাক লৈ বিদ্যালয় চৌহদত স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

অভিযোগ অনুসৰি, বিদ্যালয়খনৰ এজন হিন্দী শিক্ষকে ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে শ্ৰেণীকোঠাৰ ভিতৰত অশালীন আচৰণ কৰে। ছাত্ৰীগৰাকীয়ে ঘৰলৈ গৈ পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছতে বিষয়টো পোহৰলৈ আহে।
পৰৱৰ্তী সময়ত ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে শৈলমাৰী আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনক আটক কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে আন কেইবাজনো শিক্ষককো সোধ-পোচ চলাই থকা বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি স্থানীয় ৰাইজ আৰু বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু শীঘ্ৰে নিলম্বনৰ দাবী উত্থাপন কৰা হৈছে।
ইফালে, ঘটনাটোক লৈ বিভিন্ন ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে।
উল্লেখযোগ্য যে, অভিযোগসমূহ বৰ্তমান তদন্তৰ অধীনত আছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত তথ্য স্পষ্ট হ’ব।
