গুৱাহাটীত শোৱাপাটীত অগ্নিদগ্ধ হৈ মাতৃ-কন্যাৰ কৰুণ মৃত্যু, আৰক্ষীৰ সন্দেহ Suffocation । Guwahati

গুৱাহাটীত শোৱাপাটীত অগ্নিদগ্ধ হৈ মাতৃ-কন্যাৰ কৰুণ মৃত্যু, আৰক্ষীৰ সন্দেহ Suffocation । Guwahati

গুৱাহাটী, ২৪ জুলাই: Guwahati । গুৱাহাটীৰ আদবাৰীৰ কামাখ্যা নগৰৰ বাইলেন ৪ত নিশা সংঘটিত হ’ল এটা মৰ্মান্তিক ঘটনা। নিজ ঘৰতে শোৱাৰ সময়ত অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে এজনী মাতৃ দীপশিখা চক্ৰৱৰ্তী আৰু তেওঁৰ জ্যেষ্ঠ কন্যা শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। দুয়ো গৰাকীৰ নিথৰ দেহ শোৱাপাটীৰ ওপৰতেই উদ্ধাৰ হয়।

ঘটনাৰ পিছতেই আৰক্ষী আৰু ফৰেনছিক দল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰথম মন্তব্য আছিল এইটো শ্বৰ্ট-চাৰ্কিটৰ ফলত হোৱা দুৰ্ঘটনা, যদিও পিচত স্পষ্টকৈ জনোৱা হয় — এয়া শ্বৰ্ট-চাৰ্কিটৰ ঘটনা নহয়।

ঘটনাৰ বিৱৰণ অনুসৰি, প্ৰাতঃভ্ৰমণলৈ ওলোৱা এগৰাকী ব্যক্তিয়ে ঘৰটোৰ পৰা ধোঁৱা ওলাই থকা দেখা পায় আৰু পোৰা গোন্ধ অনুভৱ কৰে। ঘৰখনৰ ভিতৰত সেই সময়ত পিতৃ সুব্ৰত চক্ৰৱৰ্তী আন এটা কোঠাত শুই আছিল। তেওঁ ঘৰৰ দৰ্জা খুলি ততাতৈয়াকৈ মাতৃ-কন্যাক উদ্ধাৰ কৰি মালিগাঁৱৰ ৰেলৱে হাস্পতাললৈ লৈ যায়, যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

অৱশ্যে, আৰক্ষীৰ মতে ঘটনাস্থলীত ডাঙৰ জুইৰ চিহ্ন নাছিল। পৰ্দাসমূহ অক্ষত অৱস্থাত পোৱা গৈছে আৰু চিগাৰেটৰ আধা খোৱা অংশ উদ্ধাৰ হৈছে। সন্দেহ কৰা হৈছে — এইটো suffocation (শ্বাস ৰোধ হৈ)ৰ ফলত হোৱা দুৰ্ঘটনা।

পিতৃ সুব্ৰত চক্ৰৱৰ্তী এই ঘটনাত কিছু পৰিমাণে আহত হৈছে। পৰিয়ালটোৰ চাৰিগৰাকী সদস্য আছিল — দীপশিখা, সুব্ৰত, জ্যেষ্ঠ কন্যা শৰ্মিষ্ঠা আৰু কনিষ্ঠ কন্যা শ্ৰেয়াশ্ৰী।

মৃত শৰ্মিষ্ঠা বেংগালুৰুৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল আৰু ‘ৱৰ্ক ফ্ৰ’ম হোম’ৰ সুবিধাত গুৱাহাটীত আছিল।

আৰক্ষীয়ে দুয়োগৰাকী মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাৰ পূৰ্ণ তদন্ত চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top