অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী

অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। দেওবাৰে গান্ধীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান স্বাস্থ্য পৰীক্ষা চলি আছে কংগ্ৰেছ নেত্ৰীগৰাকীৰ।

কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক হাস্পাতালত ভৰ্তি। দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গান্ধীক। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি জানিব পৰা মতে, পেটৰ লগত জড়িত সমস্যাৰ বাবে গান্ধীক গেষ্ট্ৰ’ বিভাগত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান চিকিৎসকে পৰীক্ষা কৰি আছে। জানিব পৰা মতে,চিকিৎসকৰ এটা দলে অহৰহ পৰ্যবেক্ষন কৰি আছে কংগ্ৰেছ নেত্ৰীগৰাকীক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top