Guwahati । আম ক্ৰয়ক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিবাদৰ অন্তত সংঘটিত হয় ভয়ংকৰ আক্ৰমণ

গুৱাহাটী মহানগৰীৰ ছয়মাইল অঞ্চলত জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা ৰাব্বানী স্বয়ামৰ বিৰুদ্ধে দুজন ফল-মূল ব্যৱসায়ীক ছুৰিকাঘাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পুৱা ব্যস্ত বাণিজ্যিক সময়ত সংঘটিত হোৱা এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাটো আৰম্ভ হয় আম ক্ৰয়ক লৈ হোৱা তীব্ৰ তৰ্ক-তর্কিৰে। ফল-মূলৰ দোকানীৰ সৈতে ইউটিউবাৰ ৰাব্বানীৰ মৌখিক বিবাদ হঠাতে হিংসাত্মক ৰূপ লৈ লয়। অভিযোগ অনুসৰি, ৰাব্বানী স্বয়ামে ছুৰি উলিয়াই দুজন ব্যৱসায়ীক আক্ৰমণ কৰে আৰু তাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আহত ব্যৱসায়ীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ অৱস্থা স্থিৰ বুলি জানিব পৰা গৈছে। ইফালে, আক্রান্ত যুৱকৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়, “ৰাব্বানী সুৰাসক্ত অৱস্থাত আছিল আৰু তেওঁৰ সৈতে আছিল দুজন যুৱতী আৰু দুজন যুৱক।” তেওঁ লগতে কয়, প্ৰথমে তেওঁৰ পুত্ৰক নাকত ছুৰি দিয়ে ৰাব্বানীয়ে।
স্থানীয় ৰাইজে পলায়ন কৰা বাহনৰ নম্বৰ ৰেকৰ্ড কৰি আৰক্ষীক জাননী দিয়ে। সেই অনুসৰি থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে। যদিও প্ৰাথমিক বিবাদক কেনেকৈ হিংসাত্মক ৰূপ লৈছিল, সেই সন্দৰ্ভত এতিয়ালৈকে স্পষ্ট তথ্য পোৱা হোৱা নাই।
ইউটিউবাৰ ৰাব্বানী স্বয়াম অসমৰ বহু চুটি ছবি আৰু ভিডিঅ’ গীতৰ মুখ্য মুখ। তেওঁৰ অভিনীত ‘১৩’ নামৰ চুটি ছবিখনে জনপ্ৰিয়তা দিয়াৰ লগতে বহু অসমীয়া যুৱতীৰ হৃদয়ত স্থান লাভ কৰিছিল। তেওঁৰ অভিনয় থকা বহু গীতৰ ৰীলছ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচলিত।
পুলিশে জানিবলৈ দিয়ে যে ৰাব্বানীৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত অধিক তদন্ত চলি আছে। আৰক্ষীৰ এক উচ্চ-পদস্থ বিষয়াই কয়, “আইন কোনোবাইৰ বাবে বিশেষ নহয়। অভিযোগ যদি সত্য প্ৰমাণ হয়, তেতিয়া কঠোৰ ব্যৱস্থা লোৱা হ’ব।”
