Guwahati City । প্ৰথমে মেছেজ, তাৰ পিছত দৰ-দাম! নিষিদ্ধ জগতৰ বেহাৰ সৈতে জড়িত আছিল আৰক্ষী জোৱানো!

প্ৰথমে মেছেজ, তাৰ পিছত দৰ-দাম! নিষিদ্ধ জগতৰ বেহাৰ সৈতে জড়িত আছিল আৰক্ষী জোৱানো ! Guwahati City

Guwahati City । প্ৰথমে মেছেজ, তাৰ পিছত দৰ-দাম! নিষিদ্ধ জগতৰ বেহাৰ সৈতে জড়িত আছিল আৰক্ষী জোৱানো!

অন্ধকাৰ জগতৰ ক’লা অধ্যায় পুনৰ পোহৰলৈ আহিছে। এইবাৰ যৌন বেহাৰৰ গন্ধ আহিছে আইন ৰক্ষা কৰাৰ দায়িত্বত থকা এগৰাকী আৰক্ষী জোৱানৰ পৰা। শেহতীয়াকৈ যৌন ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী বাহিনীয়ে।

ধৃত আৰক্ষী জোৱানজনৰ নাম জিয়াৰুল ৰহমান বুলি জানিব পৰা গৈছে। তেওঁ দক্ষিণ শালমৰা আৰক্ষী চকীৰ লেঞ্চনায়ক পদত কাৰ্যনিৰ্বাহ কৰিছিল। অভিযোগ অনুসৰি, জিয়াৰুল ৰহমানে এগৰাকী যুৱতীৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ পাছতে তেওঁক এই নিষিদ্ধ বেহাৰত নামিবলৈ উৎসাহিত কৰিছিল।

সূত্ৰ অনুসৰি, যুৱতীজনীৰ মাধ্যমত জিয়াৰুলে ‘মেছেজিং’ৰ জৰিয়তে গ্ৰাহক বিচাৰি লৈ দৰ-দাম ঠিক কৰিছিল। তাৰ পিছতেই চলিছিল যৌন বেহাৰৰ কুক্ৰটি। এই ক্ষেত্ৰত জিয়াৰুলৰ সৈতে অন্য কিমানজন জড়িত, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।

এই ঘটনাই আৰক্ষী বিভাগৰ ভিতৰতে শুদ্ধি অভিযানৰ প্ৰয়োজনীয়তাক পুনৰ দৃঢ়তাৰে প্ৰতিস্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top