বজালী জিলা পৰিষদ গঠনত নিমিলা অংক! মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিত জটিল ৰাজনৈতিক সমীকৰণ । Panchayats under Bajali District

বজালী জিলা পৰিষদ গঠনত নিমিলা অংক! মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিত জটিল ৰাজনৈতিক সমীকৰণ । Panchayats under Bajali District

Panchayats under Bajali Districtবজালী জিলা পৰিষদ গঠনত নিমিলা অংক! মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিত জটিল ৰাজনৈতিক সমীকৰণ

বজালী জিলাত জিলা পৰিষদ গঠনক লৈ চূড়ান্ত নাটকীয়তা। পঞ্চায়ত আৰু গামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সমষ্টিত জিলা পৰিষদ গঠন কৰিবলৈ গৈ নিমিলা অংক হৈ পৰিছে । এই বিষয়টো এতিয়া চৰ্চিত ৰাইজৰ মাজত।

বুধবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ৫.৩০ বজালৈ বজালী জিলা পৰিষদ কাৰ্য্যালয়ত সকলো সদস্যক বহুৱাই থৈ, অন্তৰ্ধান হৈ ৰ’ল জিলা আয়ুক্ত মৃদুল কুমাৰ দাস।

🔹 জিলা পৰিষদ গঠন কৰিবলৈ সদস্যক দিয়া হৈছিল স্পষ্ট নিমন্ত্ৰণ
বজালী জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, বুধবাৰে ১০ বজাত জিলা পৰিষদ গঠন কৰিবলৈ সকলো সদস্যক নিমন্ত্ৰণ প্ৰেৰণ কৰিছিল জিলা আয়ুক্তে। কিন্তু পৰিষদ গঠন প্রক্রিয়া সম্পন্ন নহ’ল।

🔹 কিয় পিছুওৱা হ’ল পৰিষদ গঠন?
জিলা পৰিষদ গঠন পিছুওৱা হ’ল ১১ আগষ্টলৈ। এই সিদ্ধান্তত উঠে প্ৰশ্ন – কিয়? কাক ধৰি ৰখা হৈছে? কাৰ বেছি প্ৰভাৱ?

🔹 AGP-BJP সমীকৰণত সংকট
অসম গণ পৰিষদ (AGP) ৰ হাতত আছে ২ খন আসন। ভাৰতীয় জনতা পাৰ্টি (BJP) ৰ হাততো আছে ২ খন আসন। অৱশিষ্ট ১ গৰাকী সদস্যক লৈ গঠন হ’ব জিলা পৰিষদ।

অসম গণ পৰিষদ চায় নবিৰন বেগমক সভানেত্ৰী হিচাপে নিৰ্বাচন কৰিবলৈ। আনহাতে বিজেপি চাইছে নিজৰ দলেৰে পৰিষদৰ নেতৃত্ব ধৰি ৰাখিব। এই শক্তি-পৰীক্ষাৰ মাজতেই থমকি ৰ’ল গঠন প্ৰক্ৰিয়া।

🔹 মন্ত্ৰী ৰঞ্জিত দাসৰ “সমষ্টি-চিন্তা”
বৰ্তমান বজালী আৰু পূৰ্ব পাটাছাঁৰকুছি সমষ্টিৰ প্ৰতিনিধি মন্ত্ৰী ৰঞ্জিত দাস। তেওঁ অসম গণ পৰিষদক এৰি জিলা পৰিষদ গঠন হোৱাটো নিৰাশজনক বুলি গণ্য কৰিব পাৰে ! দলীয় নিৰ্দেশনাৰ বাহিৰে গঠন হ’লে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ৰাজ্যিক ৰাজনীতিত।

🔹 AGP তৃণমূলৰ “অকলে গঠন” ভাবনা
AGP-ৰ স্থানীয় তৃণমূল কৰ্মী সকলে চায় বিজেপি-ৰ সহায় নোলোৱাকৈ জিলা পৰিষদ গঠন কৰিবলৈ। কিন্তু তাতেই উত্থান হৈছে জটিলতা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top