বঙাইগাঁও, ২২ জুলাই —
PWD Engineer বঙাইগাঁৱৰ বৰপাৰাস্থিত নিজৰ ভাড়াঘৰত চিপ লৈ আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত লৈছে লোক নিৰ্মাণ বিভাগ (গৃহ)ৰ সহকাৰী অভিযন্তা যোষিতা দাসে। গুৱাহাটীৰ বাসিন্দা যোষিতা প্ৰায় এবছৰ পূৰ্বে এই পদত যোগদান কৰিছিল।

ঘটনাৰ পিছত পৰিস্ফুট হোৱা তথ্য অনুসৰি, যোষিতাই নিজৰ মৃত্যুৰ পূৰ্বে এটা অন্তিম টোকা লিখি থৈ যায়, য’ত তেওঁ দুজন উচ্চ পদস্থ সহকৰ্মীক নিজৰ আত্মহত্যাৰ বাবে জগৰীয়া হিচাপে দোষাৰোপ কৰিছে। অন্তিম টোকাত নাম উল্লেখ কৰা অভিযন্তা দীনেশ শৰ্মা মেধি (কাৰ্যবাহী অভিযন্তা) আৰু SDO আমিনুল ইছলামক গুৱাহাটীৰ পৰা বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে।

আত্মহনন কৰাৰ পূৰ্বে যোষিতাই লিখে:
“কিবা এটা প্ৰ’ব্লেম ছাৰসকলৰ আগত আনিলে কয় যে হ’ব একো নাই, কৰি দিয়া। প্ৰজেক্টৰ বিল দিয়াৰ ক্ষেত্ৰত প্ৰায়’ৰিটী আছিল সদায়। বাকী যি হয় হৈ থাকক।”
এই টোকাৰ আধাৰত বঙাইগাঁও আৰক্ষীয়ে গম্ভীৰভাৱে তদন্ত আৰম্ভ কৰিছে। অভিযোগ অনুসৰি, দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামে যোষিতালৈ মানসিকভাৱে অহৰহ হেঁচা দিছিল বুলি অভিযোগ উঠিছে।

আত্মহত্যাৰ ঘটনা ৰাজহুৱা হোৱাৰ পিছতে চৰকাৰী কৰ্মচাৰী মহলত শোকৰ ছাঁ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে আইনী প্ৰক্ৰিয়া অনুসৰি তদন্ত আৰম্ভ কৰি, আটক দুজনক বঙাইগাঁৱলৈ লৈ গৈছে আৰু আগন্তুক দিনত অধিক তথ্য প্ৰকাশ পোৱাৰ সম্ভাৱনা।

