Bangladesh । বঙাইগাঁৱত ৮ জন সন্দেহযুক্ত অবৈধ বাংলাদেশী আটক – ‘আমি বাংলাদেশৰ পৰা আহিছোঁ’

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত অবৈধ বিদেশীৰ বিৰুদ্ধে চলি থকা অভিযানত বৃহৎ সফলতা জিআৰপিৰ। সোমবাৰে ৰাতিপুৱা সন্দেহজনক ভাবে ঘূৰি ফুৰা অৱস্থাত ৮ জন বাংলাদেশীক আটক কৰে জিআৰপি জোৱানে।

আটকাধীন লোকসকলৰ নাম হ’ল –
- বাবু শ্বেখ
- আশ্বাফুল হক
- আলামিন আলী
- মামুন শ্বেখ
- মহম্মদ আলী
- ৰুহুল আমিন
- মুশ্বাৰফ আলী
- আশাৰুল হক

আটকৰ পিছতে জেৰা কৰা সময়ত তেওঁলোকৰ ভিতৰত এজন স্পষ্টকৈ কয় – “আমি বাংলাদেশৰ পৰা আহিছোঁ।” এই মন্তব্যই সন্দেহ অধিক গাঢ় কৰি তোলে।

তেওঁলোকৰ কোনো বৈধ নথিপত্ৰ ওলোৱা নাই বুলি আৰক্ষী সূত্ৰে জনোৱা হৈছে। বৰ্তমানে তেওঁলোকক আৰক্ষীৰ জিম্মাত ৰাখি অধিক তদন্ত চলি আছে। অসমত অবৈধ অনুপ্ৰৱেশৰ সন্দৰ্ভত এই ঘটনা ফের একবাৰ চিন্তা কৰাৰ বিষয় হৈ পৰিছে।

