বিপিএফত সদ্য যোগদান কৰা নেতা শহিদ আলিৰ অশ্লীল ফটো ভাইৰেল, অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া । BPF (Bodoland People's Front)

বিপিএফত সদ্য যোগদান কৰা নেতা শহিদ আলিৰ অশ্লীল ফটো ভাইৰেল, অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া । BPF (Bodoland People’s Front)


BPF (Bodoland People’s Front) দলত সদ্য যোগদান কৰা বিজনীৰ নেতা শহিদ আলিক লৈ বৰ্তমান সময়ত বিতৰ্কৰ তীব্ৰ বতৰা সৃষ্টি হৈছে। সামাজিক মাধ্যমত তেওঁৰ কিছু অশ্লীল ফটো ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখা দিছে।

ভাইৰেল হোৱা ফটোসমূহত নগ্ন অৱস্থাত কেইবাজনো মহিলাৰ সৈতে দেখা গৈছে। স্থানীয় সূত্র অনুসৰি, তেওঁ বহু মহিলাক প্ৰেমৰ নামত প্ৰলোভিত কৰি এনে অপকৰ্মত জড়িত কৰিছিল বুলি অভিযোগ উঠিছে। ফটোসমূহ পোনপটীয়া ভাবে ভাইৰেল হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ ক্ষোভ আৰু সমালোচনাৰ সন্মুখীন হৈছে তেওঁ।

স্থানীয় সচেতন মহলে এই ঘটনাৰ কঠোৰ নিন্দা জনাই কৈছে যে, এজন ৰাজনৈতিক নেতাৰ এনে অশালীন কাণ্ডে সমগ্ৰ সমাজৰ নৈতিকতাক প্ৰশ্নৰ সন্মুখীন কৰিছে। ঘটনাটোক লৈ এতিয়া ৰাজনৈতিক মহলতো উৎকণ্ঠা দেখা গৈছে, বিশেষকৈ বিপিএফ দলে এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে, তাৰ ওপৰত সকলোৰে দৃষ্টি কেন্দ্ৰিত হৈ পৰিছে।

বিজনীৰ বিভিন্ন গাঁও আৰু নগৰ অঞ্চলৰ লোকসকলে সংবাদ মাধ্যমৰ জৰিয়তে এই ঘটনাৰ পূৰ্ণ তদন্তৰ দাবী জনাইছে আৰু উপযুক্ত আইনী ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

উল্লেখযোগ্য যে, এই ঘটনাই অঞ্চলটোত ৰাজনৈতিক পৰিৱেশো উত্তপ্ত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top