অবৈধ বিদেশীৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ হুংকাৰ, খিলঞ্জীয়াক ৰাজপথলৈ ওলাই অহাৰ আহ্বান । Srinkhal Chaliha

অবৈধ বিদেশীৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ হুংকাৰ, খিলঞ্জীয়াক ৰাজপথলৈ ওলাই অহাৰ আহ্বান । Srinkhal Chaliha

শিৱসাগৰ, ১৯ জুলাই: Srinkhal Chaliha । অসমত সন্দেহজনক বিদেশীৰ বিৰুদ্ধে পুনৰ এক প্ৰখৰ স্বৰ উঠিছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰা বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই উৰিয়ামঘাটত চলিবলগীয়া উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি দাঙি ধৰিছে এক বিস্ফোৰক হুংকাৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ উৰিয়ামঘাট অঞ্চলত অবৈধ দখলদাৰৰ বিৰুদ্ধে উচ্ছেদ অভিযানৰ কথা ঘোষণা কৰাৰ পাছতেই জিলা প্ৰশাসন তথা concerned সংস্থাসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। উৰিয়ামঘাটৰ প্ৰায় ৩০০০ বিঘা মাটিত শীঘ্ৰেই চলিব এই অভিযান।

এই পৰিপ্ৰেক্ষিতত শৃংখল চলিহাই স্পষ্টকৈ কয় যে, শিৱসাগৰৰ চিন্তামণি গড় আৰু উৰিয়ামঘাটত যিসকল সন্দেহজনক নাগৰিকে থিতাপি লৈছে, তেওঁলোকক উচ্ছেদ কৰাৰ সময় এতিয়া আহি পৰিছে। তেওঁ কয় — “ফেচবুকত পষ্ট লিখি সময় নষ্ট নকৰিব। খিলঞ্জীয়াই এতিয়া ৰাজপথতে নামিব লাগিব। অসমৰ মাটিত অবৈধভাৱে থিতাপি লোৱা প্ৰতিজন বাংলাদেশীৰ বিৰুদ্ধে একতাবদ্ধ প্ৰতিবাদৰ সময় এতিয়া।”

শৃংখল চলিহাই আকৌ কয়, “অসম আৰক্ষীকেই ব্যৱহাৰ কৰি খিলঞ্জীয়া দমন কৰা অপচেষ্টা চলি আছে। পুলিচে বেদখলকাৰীৰ পক্ষ ল’লে, তেওঁলোকৰ গাত লগা প্ৰতিটো কোবৰে হিচাব লোৱা হ’ব।”

তেওঁৰ এই মন্তব্যত অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়া।

অসমত খিলঞ্জীয়াৰ অধিকাৰ, ভূমি সুৰক্ষা আৰু অনুপ্ৰবেশৰ বিৰুদ্ধে চলি থকা আন্দোলনত এই ধৰণৰ হুংকাৰ তথা আহ্বানৰ প্ৰতি কিমান সঁহাৰি পোৱা যায়, সেয়া সময়হে ক’ব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top