বিবাহৰ মাত্ৰ প্ৰায় ৮ মাহৰ পিছতে নাৰ্জুমা বেগমৰ মৃ*ত্যু

গড়চুকৰ কটাহবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

গড়চুকৰ কটাহবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

গড়চুকৰ কটাহবাৰীত বিবাহৰ মাত্ৰ প্ৰায় ৮ মাহৰ পিছতে নাৰ্জুমা বেগম নামৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতকৰ পৰিয়ালে এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে।

ঘটনাৰ পিছতে মৃতকৰ পৰিয়ালৰ লোকে গড়চুক থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতকৰ স্বামী ৰাকিবুল ইছলামক আটক কৰে।

ইফালে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰিছে।

নাৰ্জুমা বেগমৰ মৃত্যু আত্মহত্যা নে আন কোনো কাৰণত মৃত্যু হৈছে, তাক লৈ এতিয়াও ৰহস্য অব্যাহত আছে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top