ছমৰীয়াৰ ধুমগাৰাত টিউচন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

ছয়গাও ধুমগাৰাত টিউচন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

ছয়গাও ধুমগাৰাত টিউচন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

ছয়গাও ধুমগাৰাত এগৰাকী টিউচন শিক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত শিক্ষকজনক ৰাহুল নাথ বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, টিউচন কৰা গৃহত ছাত্ৰীগৰাকীক ঝাড়ু দিবলৈ কোৱাৰ পিছত দুৱাৰ বন্ধ কৰি শিক্ষকজনে তেওঁৰ সৈতে অপকৰ্ম সংঘটিত কৰে। ঘটনাটোক লৈ ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

‘ৰাহুল ছাৰে ছোৱালীজনীৰ লগত এনে কাণ্ড কৰিব বুলি ভবা নাছিলো’ বুলি ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীৰ পৰিয়ালে।

ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালে ইতিমধ্যে ছয়গাঁও থানাত শিক্ষক ৰাহুল নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি প্ৰকৃত সত্য উদঘাটন কৰাৰ লগতে অভিযোগ প্ৰমাণিত হ’লে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top