নৱবিবাহিত পত্নীৰ ওপৰত স্বামীৰ অকথ্য নিৰ্যাতনৰ অভিযোগ

নৱবিবাহিত পত্নীৰ ওপৰত স্বামীৰ অকথ্য নিৰ্যাতনৰ অভিযোগ

নৱবিবাহিত পত্নীৰ ওপৰত স্বামীৰ অকথ্য নিৰ্যাতনৰ অভিযোগ

গাৰ পৰা মাহ-হালধিৰ গোন্ধ ভালদৰে নৌযাওঁতেই নৱবিবাহিত পত্নীৰ ওপৰত স্বামী আৰু স্বামীগৃহৰ লোকৰ শাৰীৰিক-মানসিক নিৰ্যাতনৰ অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে তেজপুৰত। ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ২৫ বছৰীয়া পাৰমিতা নেওগে।

তেলেৰীয়াৰ উচ্চ শিক্ষিত যুৱতী পাৰমিতা নেওগে বিহগুৰি পিঠাখোৱাৰ পেছাত বাস্তুবিদ আদিত্য নাথৰ সৈতে যোৱা ৩ মে’ত সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ মাত্ৰ তিনিটা মাহৰ ভিতৰতে স্বামী আদিত্য নাথৰ লগতে শহুৰ-শাহু প্ৰফুল্ল নাথ আৰু বনি দেৱীৰ বিৰুদ্ধে তেজপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পাৰমিতাই।

ভুক্তভোগীৰ অভিযোগ অনুসৰি, বিবাহৰ দিনৰ পৰাই স্বামী আদিত্যই তেওঁক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল। স্বামী ঘৰৰ পৰা ওলাই গ’লে গেট আৰু গ্ৰীলত তলা মাৰি পত্নীক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ অভিযোগ উঠিছে। আনকি পাৰমিতাৰ নিজৰ দুটাকৈ মোবাইল ফোনো স্বামীয়ে জব্দ কৰি লৈছিল বুলি অভিযোগ। পৰৱৰ্তী সময়ত আন এটা ফোন ক্ৰয় কৰি দি কেৱল নিৰ্ধাৰিত নম্বৰতহে ফোন কৰাৰ লগতে পিতৃ-মাতৃৰ সৈতে কথা পতাৰ সময়ো নিৰ্ধাৰণ কৰি দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে।

ইয়াৰ উপৰি, কথাই প্ৰতি অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰিছে পাৰমিতাই। আনহাতে, স্বামী ঘৰত নথকাৰ সুযোগ লৈ শহুৰ প্ৰফুল্ল নাথে তেওঁৰ শৰীৰ স্পৰ্শ কৰাৰো গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

নিজ কন্যাৰ অভিযোগসমূহ জানিব পাৰি পাৰমিতাৰ মাতৃ মঞ্জুলী কলিতাই দেওবাৰে স্বামীগৃহৰ পৰা কন্যাক লৈ আহে। ইয়াৰ পিছত পাৰমিতাক লগত লৈ স্থানীয় বিহগুৰি আৰক্ষী চকীত অভিযোগ দাখিল কৰে যদিও তিনিদিন ধৰি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী আৰু মাতৃয়ে।

ইফালে, মঙলবাৰে স্বামী আদিত্য নাথে একাংশ লোকক লগত লৈ তেলেৰীয়াস্থিত পত্নীৰ পিতৃগৃহত উপস্থিত হৈ অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে পাৰমিতা আৰু তেওঁৰ মাতৃয়ে তেজপুৰ সদৰ থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰে।

বাস্তুবিদ আদিত্য নাথৰ বিৰুদ্ধে আন অভিযোগো

ইফালে, বাস্তুশাস্ত্ৰক পেছা হিচাপে গ্ৰহণ কৰা আদিত্য নাথৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক কথাৰ জালেৰে প্ৰভাৱিত কৰি ধন আত্মসাৎ কৰাৰো অভিযোগ তুলিছে পত্নী পাৰমিতা নেওগে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

নৱবিবাহিত পত্নীৰ ওপৰত নিৰ্যাতনৰ এই অভিযোগে ইতিমধ্যে অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ পৰা নিৰপেক্ষ তদন্ত আৰু ন্যায় বিচাৰিছে। অভিযোগসমূহৰ ভিত্তিত তেজপুৰ সদৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে আৰু ঘটনাটোৰ প্ৰকৃত সত্য কেতিয়া পোহৰলৈ আহে, সেয়া এতিয়া লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top