বানাক্ৰান্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, নেপালীখুঁটিত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি দিলে পূৰ্ণ সহায়ৰ আশ্বাস

বানাক্ৰান্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, নেপালীখুঁটিত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি দিলে পূৰ্ণ সহায়ৰ আশ্বাস JP Nadda

JP Nadda বানাক্ৰান্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, নেপালীখুঁটিত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি দিলে পূৰ্ণ সহায়ৰ আশ্বাস

অসমত বানপানীৰ ভয়াবহ পৰিস্থিতিৰ মাজতে বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশা স্বচক্ষে পৰ্যবেক্ষণ কৰিবলৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি তেওঁ ক্ষয়-ক্ষতিৰ বুজ লয় আৰু বানাক্ৰান্ত লোকসকলৰ সৈতে মত-বিনিময় কৰে।

চৰাইদেউ জিলাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কৰি জে পি নাড্ডাই বানাক্ৰান্ত পৰিয়ালসমূহক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৰাইজৰ দুখ-দুৰ্দশা স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে তেওঁ স্থানীয় লোকসকলৰ সমস্যাসমূহ মনোযোগেৰে শুনে।

এই সময়ত তেওঁ স্পষ্টভাৱে কয়, “বানাক্ৰান্ত লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো আপোচ নকৰে।” লগতে তেওঁ জানিবলৈ দিয়ে যে, “পুনঃসংস্থাপনৰ পৰা আৰম্ভ কৰি বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো বস্তুৰ উপযুক্ত ক্ষতিপূৰণ চৰকাৰে প্ৰদান কৰিব।”

বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহস যোগাই জে পি নাড্ডাই কয়, “ভাৰত চৰকাৰ আপোনালোকৰ লগত আছে। আপোনালোকে কোনো চিন্তা নকৰিব।”

তেওঁৰ এই আশ্বাসে বানাক্ৰান্ত লোকসকলৰ মাজত নতুন আশা আৰু আস্থা সঞ্চাৰ কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ্নিমাণৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে।

বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি জে পি নাড্ডাই কয়, ‘‘নেপালীখুঁটিত বিধ্বস্ত পৰিৱেশ দেখিলোঁ। প্ৰলংয়কৰী বানে অকল্পনীয় ক্ষতি কৰিলে। নাগালেণ্ডৰ মনৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক। এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ লগত আছে।’’

নাড্ডাই কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে মোক ইয়ালৈ প্ৰেৰণ কৰিছে। যিমান ক্ষয়-ক্ষতি হ’ল, সুস্থিৰ হ’বলৈ কিছু সময় লাগিব। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্যৰ লগতে সকলো সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। কেনেকৈ কি কৰিব পাৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম।’’

নেপালীখুঁটিৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ পিছতে নাগালেণ্ডৰ মন জিলালৈ ৰাওনা হয় জে পি নাড্ডা। পৰিদৰ্শন কৰিব মন জিলাৰ বানবিধ্বস্ত অঞ্চল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top