(PMAY) ছমৰীয়াৰ জোৰশিমুলী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ; GPCৰ বিৰুদ্ধে চৰকাৰী আৱাস যোজনাৰ ধন আত্মসাতৰ অভিযোগ, বিভাগীয় মন্ত্ৰীলৈ অভিযোগ
ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জোৰশিমুলী গাঁও পঞ্চায়তত চৰকাৰী আৱাস যোজনাক কেন্দ্ৰ কৰি ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। গাঁও পঞ্চায়ত সমন্বয়ক (GPC) মহিদুল ইছলামৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী আৱাস যোজনা (PMAY)-ৰ ধন জালিয়াতিৰে মোকলাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, ২ নং হাঁহচৰী ৱাৰ্ডৰ বাসিন্দা কেৰামত আলীৰ নামত অনুমোদিত চৰকাৰী আৱাস গৃহ নিৰ্মাণ নকৰাকৈয়ে দুটা কিস্তিৰ ধন জালিয়াতিৰে উলিয়াই আত্মসাৎ কৰা হৈছে। এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত হিচাপে GPC মহিদুল ইছলামৰ নাম উল্লেখ কৰা হৈছে।

ঘটনাটো পোহৰলৈ আহে যেতিয়া সংশ্লিষ্ট ৱাৰ্ডৰ সদস্যা শুকুৰী বেগমে গৰৈমাৰী উন্নয়ন খণ্ড বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত বিষয়টো উন্মোচিত হোৱাৰ পাছত পঞ্চায়ত বিভাগৰ ভিতৰতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইফালে, জোৰশিমুলী গাঁও পঞ্চায়তৰ সচিব ধনজিৎ ৰাজবংশীৰ বিৰুদ্ধেও অভিযুক্ত GPCক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে। এই সন্দৰ্ভত গৰৈমাৰী জিলা পৰিষদৰ সদস্যা আছমিনা হক চৌধুৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰালৈ লিখিত অভিযোগ দাখিল কৰিছে।

অভিযোগসমূহৰ পাছত স্থানীয় মহলত প্ৰশ্ন উত্থাপিত হৈছে যে, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ কথা কোৱা ৰাজ্য চৰকাৰে এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
উল্লেখযোগ্য যে, উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত অভিযুক্ত GPC মহিদুল ইছলাম, পঞ্চায়ত সচিব ধনজিৎ ৰাজবংশী অথবা সংশ্লিষ্ট বিভাগৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে লাভ কৰা হোৱা নাই। অভিযোগসমূহৰ সত্যতা চৰকাৰী তদন্তৰ পিছতহে নিশ্চিত হ’ব।
