Nalbari । বুঢ়াদিয়া নৈত সলিল সমাধি দুই যুৱকৰ, শোকৰ ছাঁ নলবাৰীৰ ধৰ্মপুৰত
নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত চামতা নধৰা বজাৰৰ সমীপস্থিত বুঢ়াদিয়া নৈত সংঘটিত হোৱা এক কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই যুৱকৰ।

জানিব পৰা মতে, আমনি গাঁৱৰ তিনিজন বন্ধু একেলগে বুঢ়াদিয়া নৈলৈ গা ধুবলৈ গৈছিল। গা ধুই থকা অৱস্থাত হঠাতে দুজন বন্ধু নৈৰ পানীত ডুব যায়। লগে লগে তৃতীয় বন্ধুজনে ওচৰ-চুবুৰীয়াক খবৰ দিয়ে। স্থানীয় লোকসকলে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই যদিও তেতিয়ালৈকে দুয়োৰে মৃত্যু ঘটে।
মৃত যুৱক দুজনক আমনি গাঁৱৰ ৰূপক বৰ্মন আৰু নয়নমণি বৰ্মন বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
এই কৰুণ ঘটনাই আমনি গাঁও তথা সমগ্ৰ ধৰ্মপুৰ অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজনৰ কান্দোনে সমগ্ৰ পৰিৱেশ শোকাকুল কৰি তুলিছে।
