১০০ টকাৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতনৰ অভিযোগ, ডিগবৈত এজন গ্ৰেপ্তাৰ । Crime News

১০০ টকাৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতনৰ অভিযোগ, ডিগবৈত এজন গ্ৰেপ্তাৰ । Crime News

Crime News । ১০০ টকাৰ প্ৰলোভনেৰে কিশোৰীক নিৰ্যাতনৰ অভিযোগ, ডিগবৈত এজন গ্ৰেপ্তাৰ

তিনিদিন ধৰি ১০০ টকাকৈ দিয়াৰ প্ৰলোভন দেখুৱাই এগৰাকী কিশোৰীক নিৰ্জন স্থানলৈ লৈ গৈ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগত ডিগবৈত কুমুদ দাস নামৰ এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ অনুসৰি, বালিজান অঞ্চলৰ বাসিন্দা কুমুদ দাসে কিশোৰীগৰাকীক প্ৰতিদিনে ১০০ টকাকৈ দিয়াৰ লোভ দেখুৱাই বাঁহনিৰ এটা নিৰ্জন স্থানলৈ লৈ গৈ কেইবাদিন ধৰি শাৰীৰিক আৰু মানসিক হেঁচা প্ৰয়োগ কৰিছিল। অভিযুক্তই এই বিষয়টো কাকো নক’বলৈও কিশোৰীগৰাকীক ধমক দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

পিছত কিশোৰীগৰাকীয়ে ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ক্ষুব্ধ স্থানীয় ৰাইজে অভিযুক্তৰ ঘৰ ঘেৰাও কৰি আৰক্ষীক খবৰ দিয়ে।

খবৰ পাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কুমুদ দাসক আটক কৰাৰ পিছত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top