500 । হাউছফেডস্থিত পেঞ্চন সঞ্চালকালয়ৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগ, আটক জ্যেষ্ঠ সহায়িকা
গুৱাহাটীৰ হাউছফেডস্থিত পেঞ্চন সঞ্চালকালয়ৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত এগৰাকী কৰ্মচাৰীক আটক কৰাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
আৰক্ষী সূত্ৰ অনুসৰি, পেঞ্চন সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়িকা (Senior Assistant) জেনিফাৰ আহমেদক ৫০০ টকা উৎকোচ লোৱাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে আটক কৰে। অভিযোগ অনুসৰি, কাৰ্যালয়ৰ কামৰ সৈতে জড়িত বিষয়ত ধন লোৱাৰ সময়তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।
জানিব পৰা মতে, পেঞ্চন সঞ্চালকৰ দাখিল কৰা অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত কৰ্মচাৰীগৰাকীক আটক কৰে। ঘটনাটোৰ পিছতে কাৰ্যালয়টোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু উৎকোচ লোৱাৰ অভিযোগৰ সৈতে জড়িত সকলো দিশ খতিয়ান কৰি আছে। তদন্তৰ অন্তত প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।
উল্লেখ্য, জেনিফাৰ আহমেদৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত চলি আছে।
