জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰি আৱেগিক গৰিমা । zubeen garg

জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰি আৱেগিক গৰিমা । zubeen garg

zubeen garg জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰি আৱেগিক গৰিমা

“এনেকুৱা এটা দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ” — কান্দি কান্দি কয় গৰিমাই

গুৱাহাটী, ১ জুলাইঃ জীৱনৰ কিছুমান মুহূৰ্ত ইমানেই বেদনাদায়ক হয় যে, আইনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেও মনৰ ক্ষত কেতিয়াও পূৰণ নহয়। সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় ১০ মাহ পিছত বুধবাৰে ফাষ্ট ট্ৰেক আদালতত এক আৱেগিক পৰিস্থিতিৰ সৃষ্টি হয়, যেতিয়া আদালতৰ নিৰ্দেশ অনুসৰি তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত আনুষ্ঠানিকভাৱে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ হস্তান্তৰ কৰা হয়।

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমানো আদালতত অব্যাহত আছে। প্ৰতিদিনৰ দৰেই বুধবাৰেও গোচৰৰ শুনানি চলি থকাৰ মাজতে আদালতৰ নিৰ্দেশমতে অধিবক্তাই গৰিমা শইকীয়া গাৰ্গক সম্পত্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। জানিব পৰা মতে, আদালতে ২৩ জুনত সম্পত্তি হস্তান্তৰৰ নিৰ্দেশ জাৰি কৰিছিল যদিও সেইদিনা গৰিমা উপস্থিত নথকাৰ বাবে বুধবাৰে আনুষ্ঠানিকভাৱে এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

অধিবক্তাই জানিবলৈ দিয়ে যে, আদালতৰ নিৰ্দেশ অনুসৰি জুবিন গাৰ্গৰ বেংকত থকা ধন-সম্পত্তিও বৈধ উত্তৰাধিকাৰী হিচাপে গৰিমা শইকীয়া গাৰ্গৰ নামত হস্তান্তৰ কৰা হৈছে।

তথ্য অনুসৰি, জুবিন গাৰ্গৰ বিভিন্ন বেংক একাউণ্ট আৰু মিউচুৱেল ফাণ্ড মিলাই মুঠ সঞ্চয় আছিল প্ৰায় ৯.৬৩ লাখ টকা। ইয়াৰে মুম্বাইৰ চাৰ্টাৰ্ড বেংকৰ দুটা একাউণ্টত আছিল ৪.৫১ লাখ টকা, ফাঁচীবজাৰৰ আইচিআইচিআই বেংকত আছিল ১.৬৭ লাখ টকা আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা আছিল ৩.৪৫ লাখ টকা। আদালতৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছত এই সম্পত্তি ব্যৱহাৰৰ অধিকাৰ লাভ কৰে গৰিমাই।

প্ৰমাণ পত্ৰ হাতত লোৱাৰ লগে লগে আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। দুচকুৰে বৈ আহে অশ্ৰুধাৰা। কান্দি কান্দি তেওঁ কয়, “এয়া মোৰ বাবে এটা মানসিক যুদ্ধ। এনেকুৱা এটা দিন আহিব বুলি মই জীৱনত কেতিয়াও ভবা নাছিলোঁ। এইটো মোৰ বাবে অত্যন্ত কষ্টকৰ সময়।”

তেওঁ আৰু কয়, “জুবিনে যি কাম আৰম্ভ কৰিছিল, মই সেই কাম আগুৱাই লৈ যাম। তেওঁ সদায় কৈছিল— নিজৰ বাবে একো নাৰাখোঁ, মানুহৰ বাবে কাম কৰি যাম। ময়ো সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰি তেওঁৰ সপোন পূৰণৰ চেষ্টা কৰি যাম।”

আৱেগিক কণ্ঠেৰে গৰিমাই কয়, “আমি যিখিনি কৰিছিলোঁ, একেলগে কৰিছিলোঁ। একেলগে থাকিম বুলিয়েই ভাবিছিলোঁ। কিন্তু আজিৰ এই মুহূৰ্তটো মই কেতিয়াও বিচৰা নাছিলোঁ। এইবোৰ এনেদৰে জীৱনত আহিব বুলি কল্পনাও কৰা নাছিলোঁ।”

আদালতৰ এই আনুষ্ঠানিক প্ৰক্ৰিয়াই আইনীভাৱে সম্পত্তি হস্তান্তৰৰ পথ মুকলি কৰিলেও, গৰিমা শইকীয়া গাৰ্গৰ অশ্ৰুসিক্ত চকুৱে স্পষ্টকৈ বুজাই দিলে— জীৱনৰ কিছুমান ক্ষতি কোনো প্ৰমাণ পত্ৰ বা আইনী নথিয়ে কেতিয়াও পূৰণ কৰিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top