বিলাস ইনলৈ নিয়া হ’ল ঘাতক ঘনকান্ত গগৈক, আজি ক্ৰাইম ছীন ৰিক্ৰিয়েচন
গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনীয়া হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি পুৱাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ঘটনাস্থলী হোটেল বিলাস ইনলৈ নিয়া হয় হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈক। ঘটনাস্থলীত ক্ৰাইম ছীন ৰিক্ৰিয়েচনৰ জৰিয়তে সমগ্ৰ ঘটনাৰ পুনৰ নিৰ্মাণ কৰিব আৰক্ষীয়ে।
উল্লেখ্য যে, আজি ক্ৰাইম ছীন ৰিক্ৰিয়েচনৰ বাবে ঘনকান্ত গগৈক হোটেলখনলৈ নিয়াৰ সময়ত বিলাস ইন চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়। আজি এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব অভিযুক্ত ঘনকান্তক। কাইলৈ অন্ত পৰিব ঘনকান্ত গগৈৰ সাতদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ।
ইফালে, এই হত্যাকাণ্ডৰ তদন্তৰ অংশ হিচাপে ঘনকান্ত গগৈৰ পত্নীকো মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তকাৰী আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে এখন বাহন আৰু ম’বাইল ফোন। ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ঘনকান্তৰ পত্নীক গুৱাহাটীলৈ অনা হৈছিল।
আৰক্ষীৰ জেৰাত ঘনকান্তৰ পত্নীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা বুলি জানিব পৰা গৈছে। তেওঁৰ ভাষ্য অনুসৰি, ভৰালী পৰিয়ালে বাৰে বাৰে ঘনকান্তক মাতিছিল। আনকি ফোনতে সকলো কথা পাতিব বুলি ঘনকান্তই কোৱা বুলিও আৰক্ষীৰ আগত উল্লেখ কৰিছে পত্নীয়ে।
ইয়াৰ উপৰি, ঘটনাৰ পিছত ঘনকান্তই প্ৰথমে তেওঁক ফোন কৰা বুলিও স্বীকাৰ কৰিছে পত্নীয়ে। কেইবাজনো লোকে ঘনকান্তক হেঁচা প্ৰয়োগ কৰিছিল বুলি দাবী কৰাৰ লগতে ব্যৱসায় ভালদৰে চলি নথকাৰ বাবে হোটেলখন গতাই দিব বিচৰা হৈছিল বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালীকে ধৰি পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল। ঘটনাৰ কেইটামান ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত ঘনকান্ত গগৈক। আনহাতে, আত্মৰক্ষাৰ বাবেহে ঘনকান্তই এই ঘটনা সংঘটিত কৰা বুলি ইতিমধ্যে তেওঁৰ অধিবক্তাই দাবী কৰিছে।
এই ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি থকা ঘনকান্তৰ পত্নীয়েও অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। বৰ্তমান ঘনকান্তৰ লগতে তেওঁৰ পত্নীৰ ভাষ্য আৰু ঘটনাৰ সৈতে জড়িত বিভিন্ন তথ্য-প্ৰমাণৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ আৰু হত্যাকাণ্ডৰ আঁৰৰ সকলো দিশ পোহৰলৈ আনিবলৈ তদন্তকাৰী আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে।
