Tezpur । তেজপুৰত মাটি বিক্ৰীৰ নামত প্ৰবঞ্চনাৰ অভিযোগ
আগধন হিচাপে ৩.৪০ লাখ টকা লৈ তিনিবছৰ ধৰি টালবাহানা কৰাৰ অভিযোগ, দুবাৰ বাউন্স চেক দিয়াৰো অভিযোগ
তেজপুৰত পুনৰ পোহৰলৈ আহিছে মাটি বিক্ৰীৰ নামত প্ৰবঞ্চনাৰ এক অভিযোগ। চাৰিদুৱাৰৰ বাসিন্দা শোণিত জ্যোতি দাস নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে মাটি বিক্ৰীৰ প্ৰতিশ্ৰুতি দি লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে এজন ভুক্তভুগীয়ে।

অভিযোগ অনুসৰি, বৰ্তমান তেজপুৰত ভাড়াতীয়া হিচাপে বসবাস কৰা শোণিত জ্যোতি দাসে তৰাজান কুমাৰ গাঁৱৰ বাসিন্দা দিপাংকৰ দাসৰ পৰা মাটি বিক্ৰীৰ নামত আগধন হিচাপে ৩ লাখ ৪০ হাজাৰ টকা গ্ৰহণ কৰে। কিন্তু টকা লোৱাৰ পিছত প্ৰায় তিনি বছৰে মাটি হস্তান্তৰ নকৰি বিভিন্ন অজুহাত দেখুৱাই টালবাহানা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

ভুক্তভুগীৰ দাবী অনুসৰি, এই সময়ছোৱাত অভিযুক্তই তিনিবাৰকৈ বেলেগ বেলেগ স্থানৰ মাটি দেখুৱাই বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে। শেষত মাটি দিব নোৱাৰাত গ্ৰহণ কৰা ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও দুবাৰকৈ বেংকৰ চেক প্ৰদান কৰাৰ পিছতো দুয়োখন চেক বাউন্স হোৱা বুলি অভিযোগ কৰিছে ভুক্তভুগীয়ে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভুক্তভুগী দিপাংকৰ দাসে তেজপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

অভিযোগসমূহৰ সত্যতা সম্পৰ্কে আৰক্ষীৰ তদন্ত অব্যাহত আছে। অভিযুক্ত শোণিত জ্যোতি দাসৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তলৈকে লাভ কৰা হোৱা নাই। তেওঁৰ বক্তব্য লাভ কৰিলে সংবাদটোত সেয়াও যথাযথভাৱে সংযোজন কৰা হ’ব।
