ASSAM POLICE । নলবাৰী জিলাৰ শুকেকুছি গাঁৱৰ মছজিদৰ সন্মুখত বুধবাৰে পুৱাৰ ভাগত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক আহত হয়। ঘটনাটোত অসম আৰক্ষীৰ এজন কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।
স্থানীয় সূত্ৰৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৮ বজাত সৰ্থেবাৰী ফালৰ পৰা অহা AS-15C-2449 নম্বৰৰ এখন ডাম্পাৰ আৰু বিপৰীত দিশৰ পৰা অহা AS-02GE-4979 নম্বৰৰ এখন মাৰুতি আই-২০ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত এখন ই-ৰিক্সাও আঘাতপ্ৰাপ্ত হয় আৰু বাগৰি পৰে।
ই-ৰিক্সাখনত থকা দিগন্ত আলি আৰু জিলি বেগম নামৰ মাতৃ-পুত্ৰ আহত হয়। স্থানীয় লোকৰ সহায়ত তেওঁলোকক ততাতৈয়াকৈ চামতা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসাধীন দুয়োৰে অৱস্থা বৰ্তমান সংকটজনক নহয় বুলি জানিব পৰা গৈছে।
ইফালে, আই-২০ গাড়ীখন চলাই থকা ব্যক্তিজনক নলবাৰী আৰক্ষী থানাৰ ৱায়াৰলেছ শাখাত কৰ্মৰত অসীম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকৰ অভিযোগ, তেওঁ সুৰাসক্ত অৱস্থাত গাড়ী চলাই আছিল আৰু দুৰ্ঘটনাৰ পাছত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হয়।
দিনতে মদ খাই ফিটিং এইজন অসম আৰক্ষী অসীম বৰ্মন !
থিয় হৈ থাকিব পৰা নাই মদ খাই লৈ নাক কটালে অসম আৰক্ষীত কৰ্মৰত অসীম বৰ্মনে
মদ খাই ফিটিং হৈ গাড়ী চলাইছিল অসম আৰক্ষীত কৰ্মৰত অসীম বৰ্মনে
মদ খাই ফিটিং হৈ গাড়ী চলাইছিল অসীমে কৰিলে ভয়ংকৰ পথ দুৰ্ঘটনা
ঘটনাস্থলীত উপস্থিত হোৱা শোলমাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে অসীম বৰ্মনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সুৰাসক্ত অৱস্থাত গাড়ী চলোৱা হৈছিল নে নাই, সেই বিষয়টো চিকিৎসা পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে দুৰ্ঘটনাৰ সঠিক কাৰণ উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
