গুৱাহাটীৰ মাজমজিয়াত গুলীচালনাৰে নৰসংহাৰ! এইবাৰ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে ঘনকান্তৰ পত্নী জোনমণিয়ে
গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য। ভৰালী পৰিয়ালৰ কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ অভিযোগত অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে এইবাৰ কাষ চাপিছে মুখ্যমন্ত্ৰীৰ। ঘটনাৰ সঠিক তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিলে জোনমণিয়ে।

আজিও চিকিৎসালয়ৰ বিছনাত চিকিৎসাধীন হৈ আছে গুলীচালনাৰ ঘটনাত আহত সৈতেন্দ্ৰ পাঠক। আনহাতে, সমগ্ৰ ঘটনাক লৈ অভিযুক্ত ঘনকান্তই বাৰে বাৰে আত্মৰক্ষাৰ যুক্তি দাঙি ধৰি নিজকে নিৰ্দোষী প্ৰমাণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
দেওবাৰে নিশা পল্টন বজাৰ আৰক্ষী থানাৰ পৰা ওলাই অহাৰ সময়ত সাংবাদিকৰ আগত জোনমণি গগৈয়ে কয়, “মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভালদৰে তদন্ত কৰক। তেতিয়াহে প্ৰকৃত সত্য পোহৰলৈ আহিব।”

জোনমণিৰ দাবী অনুসৰি, ঘটনাৰ দিনা ঘনকান্তই নিজে হোটেললৈ যোৱা নাছিল। ভৰালী পৰিয়ালৰ লোকেই তেওঁক হোটেল বিলাস ইনলৈ মাতি নিছিল। আনকি ফোনযোগে কথা পাতিবলৈ কোৱাৰ পিছতো বাৰে বাৰে হোটেললৈ মাতিছিল বুলি দাবী কৰে ঘনকান্তৰ পত্নীয়ে।

তেওঁৰ ভাষ্য অনুসৰি, হোটেলখনত উপস্থিত হোৱাৰ পিছতে ভৰালী পৰিয়ালৰ লোকে ঘনকান্তক ঘেৰি ধৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। নিজৰ প্ৰাণ ৰক্ষাৰ বাবেই ঘনকান্তই গুলীচালনা কৰিবলগীয়া হৈছিল বুলি দাবী কৰে জোনমণিয়ে।
ইফালে, ঘটনাৰ পিছতে ঘনকান্তই পত্নীলৈ ফোন কৰি নিজে গাড়ী চলাই ঘৰলৈ যাব নোৱাৰাৰ কথা জনাইছিল বুলিও প্ৰকাশ কৰিছে জোনমণিয়ে। তেওঁৰ দাবী, হোটেলত ঘনকান্তৰ শৰীৰৰ কেইবাঠাইতো আঘাত লাগিছিল। কিন্তু এই দাবীক লৈও এতিয়া উত্থাপন হৈছে প্ৰশ্ন।

কিয়নো, ঘটনাৰ পিছদিনা আৰক্ষীৰ সৈতে আদালতলৈ যোৱাৰ সময়ত ঘনকান্তক যথেষ্ট স্বাভাৱিকভাৱে খোজ কাঢ়ি যোৱা দেখা গৈছিল। ঘটনাৰ পিছতে নিজে খোজ কাঢ়িব নোৱাৰা অৱস্থাত থকা বুলি কোৱাৰ পিছত পিছদিনা ইমান স্বাভাৱিকভাৱে কেনেকৈ খোজ কাঢ়িবলৈ সক্ষম হ’ল, তাক লৈও চৰ্চা চলিছে।
উল্লেখ্য যে, ব্যৱসায়িক সংঘাতৰ পৰিণতিতে হোটেল বিলাস ইনত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ভৰালী পৰিয়ালৰ লগতে নাৰায়ণ দাসৰ পৰিয়ালকো এই ঘটনাই গভীৰভাৱে প্ৰভাৱিত কৰিছে।
এতিয়া প্ৰশ্ন হৈছে, ঘনকান্তৰ পত্নী জোনমণিয়ে আগবঢ়োৱা দাবীসমূহৰ সত্যতা কিমান? প্ৰকৃততে সেই নিশা হোটেল বিলাস ইনত কি সংঘটিত হৈছিল? এই সকলো প্ৰশ্নৰ উত্তৰ নিৰপেক্ষ আৰু সঠিক তদন্তৰ জৰিয়তেহে পোহৰলৈ আহিব।
