গুৱাহাটীত ৫০ কোটি টকাৰ সোণ জব্দ, ৩৮ কেজি সোণসহ গ্ৰেপ্তাৰ ডেলিভাৰী বয় ।Guwahati

গুৱাহাটীত ৫০ কোটি টকাৰ সোণ জব্দ, ৩৮ কেজি সোণসহ গ্ৰেপ্তাৰ ডেলিভাৰী বয় ।Guwahati

Guwahati । গুৱাহাটীত বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। মহানগৰীৰ খাৰঘূলিত অভিযান চলাই প্ৰায় ৩৮ কেজি সোণ জব্দ কৰাৰ লগতে অক্ষয় বানকৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা সোণখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ কোটি টকা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

ধৃত অক্ষয় বানকৰৰ ঘৰ মহাৰাষ্ট্ৰৰ পুনেত। তেওঁ গুৱাহাটীৰ গান্ধীবস্তি অঞ্চলত ভাড়াতীয়া হিচাপে বাস কৰি ডেলিভাৰী বয়ৰ কাম কৰিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, মুম্বাইৰ পৰা কুৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে গুৱাহাটীলৈ অনা হৈছিল সোণৰ বিস্কুটসমূহ।

আৰক্ষীৰ তথ্য অনুসৰি, অক্ষয়ে এই বিপুল পৰিমাণৰ সোণ গুৱাহাটীৰ এজন ব্যক্তিৰ হাতত ডেলিভাৰী দিবলৈ খাৰঘূলিলৈ গৈছিল। সেই সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ৰাজপথৰ পৰাই তেওঁক আটক কৰি সোণখিনি জব্দ কৰে।

তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, জব্দ কৰা সোণখিনি আন এটা পাৰ্টিৰ হাতত চমজাই দিয়াৰ পৰিকল্পনা আছিল। ঘটনাস্থলীৰ পৰা ধৃত অক্ষয়ৰ দখলৰ পৰা ৪টা মোবাইল ফোন জব্দ কৰা হৈছে। এই মোবাইলসমূহৰ তথ্য বিশ্লেষণ কৰি সমগ্ৰ সোণ সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৃহৎ আন্তঃৰাজ্যিক সোণ সৰবৰাহ চক্ৰৰ সম্ভাৱনাক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰাখিছে। সোণখিনি কাৰ, কোনে প্ৰেৰণ কৰিছিল আৰু গুৱাহাটীত কাক প্ৰদান কৰাৰ কথা আছিল, সেই সকলো দিশত আৰক্ষীয়ে গভীৰ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top