Rishiraj-Borkotoky-wife-arrested । অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতাৰ ভাবমূৰ্তি সৃষ্টি কৰি বহিঃৰাজ্যত কোটি কোটি টকাৰ ঠগবাজী চলোৱাৰ অভিযোগত ইতিমধ্যে অৰুণাচল আৰক্ষীৰ জিম্মাত থকা ঋষিৰাজ বৰকটকী সম্পৰ্কে তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে একৰ পিছত এক নতুন তথ্য পোহৰলৈ আহিছে। এইবাৰ এই বহুচৰ্চিত বিত্তীয় প্ৰৱঞ্চনা কাণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে ঋষিৰাজৰ পত্নী শ্ৰুতি বৰকটকীকো।

ঋষিৰাজ ঠগবাজী কাণ্ডঃ গ্ৰেপ্তাৰ ঋষিৰাজৰ পত্নী শ্ৰুতি বৰকটকী

Rishiraj-Borkotoky-wife-arrested । অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতাৰ ভাবমূৰ্তি সৃষ্টি কৰি বহিঃৰাজ্যত কোটি কোটি টকাৰ ঠগবাজী চলোৱাৰ অভিযোগত ইতিমধ্যে অৰুণাচল আৰক্ষীৰ জিম্মাত থকা ঋষিৰাজ বৰকটকী সম্পৰ্কে তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে একৰ পিছত এক নতুন তথ্য পোহৰলৈ আহিছে। এইবাৰ এই বহুচৰ্চিত বিত্তীয় প্ৰৱঞ্চনা কাণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে ঋষিৰাজৰ পত্নী শ্ৰুতি বৰকটকীকো।

জানিব পৰা মতে, গুৱাহাটীৰ জু ৰোডস্থিত স্পেনিছ গাৰ্ডেন আৱাসৰ পৰা অৰুণাচল আৰক্ষীৰ এটা দলে শ্ৰুতি বৰকটকীক গ্ৰেপ্তাৰ কৰে। তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, ঋষিৰাজ বৰকটকীয়ে অৰুণাচলত গঢ়ি তোলা ভুৱা প্ৰতিষ্ঠানসমূহৰ অন্যতম স্বত্বাধিকাৰী আছিল শ্ৰুতি বৰকটকী। সেইসূত্ৰেই বিত্তীয় ঠগবাজীৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সম্পৃক্ততা থকাৰ সন্দেহত আৰক্ষীয়ে তেওঁক আটক কৰি গ্ৰেপ্তাৰ কৰে।

তদন্তকাৰী সূত্ৰই জনোৱা মতে, অৰুণাচল প্ৰদেশৰ একাংশ ব্যৱসায়ীৰ পৰা ভুৱা বিনিয়োগ আৰু ব্যৱসায়িক আশ্বাসৰ জৰিয়তে প্ৰায় ৩৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আছে ঋষিৰাজ বৰকটকীৰ বিৰুদ্ধে। এই বৃহৎ প্ৰৱঞ্চনা কাণ্ডৰ তদন্তত একাধিক নথি-পত্ৰ, বেংক লেনদেন আৰু প্ৰতিষ্ঠানৰ তথ্য খতিয়াই চাইছে অৰুণাচল আৰক্ষীয়ে।

ইফালে, তদন্ত যিমানেই আগবাঢ়িছে, সিমানেই ঋষিৰাজ বৰকটকীৰ বিত্তীয় লেনদেন, ভুৱা প্ৰতিষ্ঠান আৰু সম্ভাৱ্য সহযোগীসকলৰ বিষয়ে নতুন নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ মতে, এই সমগ্ৰ ঘটনাৰ তদন্ত অতি গুৰুত্বসহকাৰে চলাই থকা হৈছে আৰু কোনো জড়িত ব্যক্তিক ৰেহাই দিয়া নহ’ব।

উল্লেখ্য যে, অৰুণাচল আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াৰ তদাৰকীত এই গোচৰটোৰ তদন্ত অব্যাহত আছে। তদন্তৰ অগ্ৰগতিৰ লগে লগে এই কাণ্ডত আন কোনো ব্যক্তি জড়িত আছে নেকি, সেয়াও আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top