অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ থকাৰ মাজতে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)-এ ঘোষণা কৰিলে দলটোৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। বৃহস্পতিবাৰে নিশা কোকৰাঝাৰৰ দলীয় কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজন কৰা এখন জৰুৰী সংবাদ মেলত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এই তালিকা উন্মোচন কৰে।
এই তালিকাত মুঠ ১১টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে বিপিএফক এই ১১খন আসন এৰি দিয়া হৈছিল।
কোনে কোন সমষ্টিত পালে প্ৰাৰ্থিত্বঃ
- কোকৰাঝাৰ – শিউলী ব্ৰহ্ম
- গোসাঁইগাঁও – শোভাৰাম বসুমতাৰী
- দোতমা – ৰবিৰাম নাৰ্জাৰী
- বাওখুংগ্ৰি – ৰূপম ৰয়
- পৰ্বতঝোৰা – ড° ৰেজাউল কৰিম
- মাজবাট – চৰণ বড়ো
- ওদালগুৰি – ৰিহণ দৈমাৰী
- ভেৰগাঁও – মহেশ্বৰ বড়ো
- মানস – থানেশ্বৰ বসুমতাৰী
- চিদলী – পানীৰাম ব্ৰহ্ম
- বাগছা – মনেশ্বৰ ব্ৰহ্ম
এই তালিকাত কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা শিউলী ব্ৰহ্ম, যিজন হাগ্ৰামা মহিলাৰীৰ সহধৰ্মিনী, বিশেষভাৱে চৰ্চিত হৈছে।
সংবাদ মেলত ভাষণ প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, এই প্ৰাৰ্থীসকল স্থানীয় জনতাৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব আৰু বড়োভূমি অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ কাম কৰিব। তেওঁ দলীয় কৰ্মীসকলক একত্ৰিত হৈ আগন্তুক নিৰ্বাচনত জয় নিশ্চিত কৰিবলৈও আহ্বান জনায়।
বিপিএফৰ এই প্ৰথমখন তালিকাই বিটিআৰ অঞ্চলত ৰাজনৈতিক সমীকৰণক নতুন দিশ দিছে বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। এতিয়া আন ৰাজনৈতিক দলসমূহেও নিজৰ বাকী থকা প্ৰাৰ্থীতালিকা ঘোষণা কৰিবলৈ সাজু হোৱা দেখা গৈছে।
