Kedarnath Helicopter Crash । উত্তৰাখণ্ডৰ পবিত্ৰ ধৰ্মস্থান কেদাৰনাথলৈ গৈ থকা এখন হেলিকপ্টাৰ আজি পুৱা প্ৰায় ৫:২০ বজাত গুপ্তকাশী অভিমুখে উৰা মাৰাৰ কিছু সময়ৰ পিছত গৌৰীকুণ্ডৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। ভয়ংকৰ এই দুৰ্ঘটনাত পাইলট, এটা শিশুসহ মুঠ ৭ জন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত ৬ জন প্ৰাপ্তবয়স্ক আৰু ১ জন শিশু আছিল বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শী এগৰাকী মহিলাই দূৰৰ পৰা ধোঁৱা ওলাই অহা দেখি ঘটনা সন্দৰ্ভত খবৰ দিয়ে। স্থানীয় ৰাইজে ঘটনাস্থলৰ ভিডিঅ’ বনাই প্রশাসনক অবগত কৰে। দুৰ্ঘটনাৰ পাছতে NDRFৰ দল ঘটনাস্থলত উপস্থিত হয়, যদিও বেয়া বতৰৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধা দেখা যায়।
হেলিকপ্টাৰখন আৰিয়ান কোম্পানীৰ বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্ত অনুসৰি বেয়া বতৰে এই দুৰ্ঘটনাৰ কাৰণ হিচাপে ধৰা হৈছে। হেলিকপ্টাৰখনত অগ্নিকাণ্ডো সংঘটিত হয়, যাৰ ফলত ধ্বংসাৱশেষ বিৰাট পৰিসৰত ছটিয়াই পৰে।
মৃত লোকসকল উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। কেদাৰনাথ চাৰ ধাম যাত্ৰাৰ এটা গুৰুত্বপূর্ণ অংশ হোৱাৰ ফলত এই পথত যাত্ৰীসকলে পাহাৰীয়া পথৰ কষ্ট কমাবলৈ আৰু সময় বচাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰে। উল্লেখযোগ্যভাৱে, শেহতীয়াকৈ এই পথত একাধিক হেলিকপ্টাৰ-সংশ্লিষ্ট দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে।
এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।
