২৬'ৰ নিৰ্বাচনত বিপিএফৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য । BTC

২৬’ৰ নিৰ্বাচনত বিপিএফৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য । BTC

BTC । বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে হাগ্ৰামা মহিলাৰীয়ে আজি চতুৰ্থ বাৰৰ বাবে শপত গ্ৰহণ কৰাত সমগ্ৰ বিটিচি এলেকাত আনন্দৰ বন্যা বৈছে।


প্ৰচণ্ড বৰষুণ ,প্ৰতিকুল বতৰকো নেওঁচি ওদালগুৰীৰ পৰা কোকৰাঝাৰৰ জনতা স্বইচ্ছাই বিটিচি সচিবালয়ৰ খেলপথাৰত শপত গ্ৰহণৰ কাৰ্যসূচী স্বচক্ষে চাবলৈ উপস্থিত হৈছে।
জাতি -ধৰ্ম -বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে উবুৰি খাই পৰিছে বিটিচি সচিবালয়ৰ খেলপথাৰ।

এনে এক পৰিৱেশৰ মাজতে আজি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বিটিচি সচিবালয় খেলপথাৰত উপস্থিত হয়।
সাধাৰণতে সদায়ে বাকপটু মুখ্যমন্ত্ৰীক আজি অন্য ৰূপত প্ৰত্যক্ষ কৰিলে জনতাই। অতি শীতলতা আৰু গাম্ভীৰ্যতা বৰ্তাই ৰখা মুখ্যমন্ত্ৰীয়ে গোটেই সময়ছোৱাত এবাৰৰ বাবে হলেও হঁহা দেখা নগল।
যেন ম্লান হৈ থাকিল মুখ্যমন্ত্ৰী। চিৰাচৰিত ভাষণৰ পৰিবৰ্তে সাধাৰণ, গতানুগতিক দুই এষাৰ বক্তব্য দিয়েই ভাষণ সামৰিলে মুখ্যমন্ত্ৰীয়ে।


ইয়াৰ পিছত সংবাদ মাধ্যমৰ সতে হোৱা বাৰ্তালাপতো মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক কথা-বতৰা পতাৰ পৰিৱেশ নাই বুলি মন্তব্য কৰিলে ।
তেওঁ কয়- হাগ্ৰামা মহিলাৰীৰ লগত ২০০২-২০০৩ চনৰ পৰাই এটা সুসম্পৰ্ক আছে। মই কোকৰাঝাৰলৈ আহিলেই হাগ্ৰামাক ফোন কৰো বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে
ইফালে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লোকক ধন্যবাদ জ্ঞাপন কৰিছে ৷ সাংবাদিকৰ আগত মহিলাৰীয়ে কয় যে,
বিটিচিৰ উন্নয়নৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লোকক লৈ আগবাঢ়ি যাব আৰু উন্নয়ন তৰান্বিত কৰিব ৷ মিত্ৰতা সন্দৰ্ভত হাগ্ৰামাই কয় যে য’ত ইউপিপিএল থাকিব তাত আমি নাথাকো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top