“ছিংগাপুৰৰ অসমীয়াক লৈ কঠোৰ হ’ব চৰকাৰ” — জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য ।Zubeen Garg Death News

“ছিংগাপুৰৰ অসমীয়াক লৈ কঠোৰ হ’ব চৰকাৰ” — জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য ।Zubeen Garg Death News

Zubeen Garg Death News: গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত থাকোতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এটা ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় — “ছিংগাপুৰৰ অসমীয়াক লৈ কঠোৰ হ’ব চৰকাৰ।”

তেওঁ কয়, “কাইলৈৰ ভিতৰত সঁহাৰি নাপালে কঠোৰ হ’ব চৰকাৰ। প্ৰৱাসী অসমীয়াৰ পৰিয়ালৰে চৰকাৰে যোগাযোগ কৰিব। পুত্ৰক তদন্তত সহযোগৰ বাবে পিতৃ-মাতৃক জনাব আহ্বান।”

মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, “জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা নকৰে চৰকাৰে। যিজন চাব বিচাৰিব, CIDৰ ওচৰলৈ যাব লাগিব। ৰাজহুৱা কৰিলে আদালতত প্ৰতিবেদনৰ মূল্য নাথাকিব।”

শনিবাৰে গৰিমা গাৰ্গক সাক্ষাৎ কৰাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ আটাইতকৈ বেছি চিন্তা হৈছে — ছিংগাপুৰৰ অসমীয়াকেইজন তদন্তৰ বাবে অসমলৈ আহিবনে নাই? তেওঁলোক আহি সহযোগ নকৰিলে তদন্ত সম্পূৰ্ণ নহ’ব। তেওঁলোকে জুবিনৰ য়ট যাত্ৰা আৰু ঘটনাৰ মূল অংশ আছিল।

অসমবাসী ৰাইজে ছিংগাপুৰৰ অসমীয়া সমাজখনক হেঁচা দিব লাগে, যাতে তেওঁলোকক পঠিয়াই দিয়ে। যাক আনিব লাগে, আমি আনিছোঁ। কিন্তু এওঁলোক ছিংগাপুৰত আছে।”

গৰিমাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব আছে। ছিংগাপুৰত থকা বাবে মোৰ এক্টিয়াৰৰ ভিতৰত নাই। ভাৰতত থাকিলেহেঁতেন ধৰি আনিলোঁহেঁতেন। ছিংগাপুৰৰ অসমীয়া সমাজখনেও তেওঁলোকক হেঁচা দিব লাগে, যাতে তেওঁলোক অসমলৈ আহে। তেওঁলোক আহি নাহোৱালৈ গোটেই ঘটনাটো জোৰা লগাব নোৱাৰি।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top